নিশব্দ বেদনা
ৰাবিয়া বেগম
গুৱাহাটী
পাহিয়ে দাপোণখনত নিজৰ প্ৰতিবিম্বটো একেথৰে চাই আছে। কাৰণ দেউতাকে বায়েকৰ বিয়াত তাইলৈ মৰমতে অনা মেখেলা-চাদৰযোৰ পিন্ধি তাই সাজু হৈছে। আজি ৫ ছেপ্তেম্বৰ। পাহিয়ে জিলা ভিত্তিত প্ৰথম স্থানত কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিবলৈ যাব। ঘড়ীটোলৈ চালে। ৯ বাজিবৰে হ'ল। ১০ বজাৰ আগতেই গন্তব্য স্থান পাবগৈ লাগিব। তাই খৰখেদাকৈ যাবলৈ ওলাল।
কিন্তু তাই ঘৰৰ দুৱাৰামুখৰ পৰা পিছলৈ ঘূৰি চালে। আজি তাই চৰণত সেঁৱা জনাবনো কাক !
তাইৰ আজলি মাক আৰু দেউতাক যে নেদেখাজনৰ চৰণত আছে! প্ৰাণনাশী কভিডৰ বিধস্ত ধুমুহাত তাইৰ বটগছ জোপা উভালি পৰিল। এক নিশব্দ বেদনা বুকুত লৈ তাই এখোজ - দোখোজকৈ আগবাঢ়িল নিজৰ গন্তব্য স্থানলৈ বুলি।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment