জীৱনৰ খেল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

জীৱনৰ খেল

 

জীৱনৰ খেল


                         প্ৰভাকৰণ মিলি


কেতিয়া উৱলি যায় 

আপোন আপোন লগা এই দেহা।

কোনে হিচাব ৰাখিব অ,

বাহিৰৰ ৰংবোৰ

সকলোৱে দেখা পায় জানা

হৃদয়ৰ ৰঙবোৰ 

কিন্তু !

অন্তৰততেই হেৰাই যায়।

অহা দিনবোৰত কাকনো কম 

হৃদয়ৰ আৱেগ অভিমানবোৰ

শ্ৰোতাজনো আধা বাটতেই

থমকি ৰ’ল কাহানিও নেদেখা বাটত।

কাকো দুখ দিব নোৱাৰোঁ 

সকলো বিধিৰ বিধান বুলি

নিজকে সান্তনা দিও।

তথাপি

থমকি ৰ’লে

চলিব জানো জীৱনৰ ৰং

যদিওবা কাঁইটেৰে ভৰা এই জীৱন

কাপুৰুষ নুবুলিব জানো,

সমাজৰ বান্ধোন, সৃষ্টিৰ ৰহন নাযাব জানো , 

চিঙি! অ মই জীম নতুন উদ্যমেৰে 

তোমাৰ অপূৰ্ণ সপোনবোৰৰ পূৰ্ণতাৰ বাবে…


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages