মৃত্যু
সীমা প্ৰধান
গুৱাহাটী
মৃত্যু তোমাৰ নামে আনে মনলৈ ভয়
কিন্তু তুমি এক চিৰন্তন সত্য
নাহিবা তুমি কাষলৈ মোৰ কাবৌ কৰিছোঁ
কৰিব লগীয়া বহু কাম বাকী আছে জীৱনৰ,
দিয়া সুযোগ মনৰ আশা খিনি যাতে পুৰাব পাৰো।
সুকৰ্মৰ যোগেদি জগত জিনিব পাৰোঁ,
তুমি মোক যিদিনা নিবা সেই দিনা যাতে
মোৰ কোনো আশা নাথাকে।
তুমি আহিবা এদিন এইটো আমি জানো
তথাপিও মায়া মোহৰ জাল ফালিব পৰা নাই ,নাহিবা অ'এতিয়া তুমি, কৰিবলগীয়া বহু কাম আছে বাকী
আজৰি হবলৈ দিয়া মোক মোহ জালৰ পৰা,শেষ নিশ্বাস এৰিব পাৰো শান্তিৰে
মৃত্যু সজ্জাত যাতে অফুৰন্ত আশাৰ পৰা
আজৰি হৈ জিৰাব পাৰো।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment