তাইৰ হৃদয়ত থকা মৌনতা
ঝৰ্ণা জিলি দলে
ডিব্ৰুগড় বিশ্ববিদ্যালয়
মনৰ ছাঁত তাই অকলে বহি থাকে
নিস্তব্ধ বিষ এটা লৈ
তাইৰ হৃদয়খন এটা চিচা গিলাচৰ দৰে
মজিয়াত পৰিলেই ছিন্নভিন্ন হৈ পৰে
যিটো কোনো দিন তাই আওকাণ কৰিব নোৱাৰে
তেওঁ দিয়া প্ৰতিশ্ৰুতিবোৰ প্ৰতিধ্বনি হৈ
এতিয়াও বাজি থাকে তাইৰ কাণে কাণে
ছাঁৰ বাদে
তাই তেঁওক সকলো দিলে
কিন্তু! তাই
বিনিময়ত নিজৰ সুখৰ হাঁহিটোকে বিচাৰি নাপালে
তাইৰ সুখৰ হাঁহিত
আজি শেঁতা পৰিল
আৰু সৰি পৰিল সুখ
এতিয়া বিশ্বাসবোৰ
তাইৰ বাবে ঘৃণালৈ ৰূপান্তৰ হৈছে
কিজানি এনেকৈয়েই
ক্ৰমশঃ শিল হৈ পৰে
এখন সঁচা হৃদয়
তাই লুকাই ৰখা দুখবোৰ
কেনেকৈ ঘা বাঢ়ি আহে
কোনেও নেদেখে
দেখে কেৱল তাইৰ শৰীৰৰ নগ্নতা।
ভালপোৱাত ইমান কাঠবুকুৱা !
তাই আৰু সাহ গোটাব নোৱাৰে
ভয় লাগে তাইৰ!
প্ৰেম আৰু আস্থা
এতিয়া বহুতৰ বাবে পণ্যদ্ৰব্য
কাকোৱেই বিশ্বাস কৰিব নোৱাৰি
মুখ থাকিও বাকৰুদ্ধ
তাই নীৰৱে ৰয়
তাইৰ মৌনতাত এটা চিঞৰ আছে
কোনেও নেদেখে
শান্তিৰ বাবেই
তাই বুকুত পুহি ৰাখিছে এটি চিঞৰ
জীৱন মানেই যে সংগ্ৰাম
তাই পিছে এতিয়াও পাহৰা নাই
আন্ধাৰৰ পৰা পোহৰৰ বাট বিচাৰি
তাই নীৰৱে আশাৰ যুঁজ এখন
যুঁজি আছে
এতিয়াও যুঁজিবলৈ এৰা নাই
কিন্তু কোনেও নুবুজে
তাইৰ যুঁজত কিবা এটা আছে
তাইৰ মৌনতাত কিবা এটা আছে
আৰু
তাইৰ মৌনতাত এটা চিঞৰ আছে
যি কোনেও কোনোদিনেই নেদেখে !!!
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment