কবিতা ভাল পাওঁ মই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

কবিতা ভাল পাওঁ মই

 

কবিতা ভাল পাওঁ মই


                                 নিপু কুমাৰ দাস 

                           কাজিপাৰা, নলবাৰী



কবিতা ভাল পাওঁ মই 

মই কবি ৰূপান্তৰ যুগনায়ক

কবিতা মোৰ আজন্মৰ প্ৰেমিক 

কলিজাৰ কোষে কোষে 

শিৰা উপশিৰাত কৰে বিৰাজমান

কবিতাৰ অপূৰ্ব কাব্যিক ধ্বনি 

শব্দৰ বৰষুনে ধুই নিয়ে মন মগজু ।

  

চিৰ সেউজ বাসনাত জাগে 

মোৰ কাব্যিক মন

"হেমকোষ"মোৰ চিৰ লগৰী

যি শব্দৰ মৌ-কোষ ভাষা সাহিত্যৰ ভাণ্ডাৰ 

কাব্যিক তাড়নাত ছটফটাই মন

বিচাৰি ফুঁৰো কাব্যিক ৰস

"হেমকোষ"ৰ পাতে-পাতে শব্দ কুসুম কলি

কবিতাৰ ই প্ৰাণৰ প্ৰাণ------!


কলিজা শাঁত পেলাবলৈ 

এটি দুটি শব্দৰেই মালা গুঠি 

জপ কৰোঁ মস্তিস্কত কবিতাৰ অপূৰ্ব ভাষা

মই কবি তিনিও কালৰ 

ভুত-ভৱিষ্যতৰ আৰু বৰ্তমানৰ

অনাগত দিনৰ সৃষ্টিৰ আধাৰ  

যুগান্তকাৰী সৃষ্টিৰ মাধুৰ্য্যতাত এৰি যাওঁ 

সৃষ্টিৰ পথাৰত কবিতাৰ শইচ

 

কবি মই শব্দৰ বৰষুণ খেলো তিতি বুৰি

শব্দই শব্দতেই সৃষ্টি কৰে মধুৰ কবিতা 

কবিতা ভাল পাওঁ মই

মই যে কবি যুগ-যুগান্তকাৰী 

সৃষ্টি মোৰ কবিতাত আই অসমীৰ মান    

কবিতাৰ বাবেই জাগৃত মোৰ প্ৰাণ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages