ব’লা গুছি যাওঁ
ভাৰতী বসুমতাৰী
ধেমাজি
এদিন আবেলি দীঘল উকিটো এৰি গুছি যোৱা ৰে’লখন আমি দুয়ো একেলগে চাম
এই ডুবু ডুবু বেলিৰ ৰঙবোৰ চাম
জানো বিদায়ী বেলি চোৱা বৰ কষ্ট
তথাপি চাম
চাই চাই যেতিয়া শোকটো উজাই আহিব
বুকুখন হেঁচি দিব পৰাকৈ
দুখোজ আগুৱাই তোমাৰ কাষৰলৈকে যাম
এচলু মৰম বুলাই তুমি বাৰু এবাৰলৈও কৈ নুঠিবানে
সোণ
নীড়মুখী চৰাইবোৰ বাহলৈ উভতিছে
ব’লা আমিও যাওঁ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment