গতি প্ৰগতি সময় ইত্যাদি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

গতি প্ৰগতি সময় ইত্যাদি

 

গতি প্ৰগতি সময় ইত্যাদি


                                       বলিন বৰদলৈ 

                                আলামি, গোলাঘাট 


সময় দেখিছোঁ মই

দোৰ্দণ্ড প্ৰতাপ

ক্ৰমশঃ সেউজবুলীয়া

সপোন এটি বিবৰ্ণ।

ডেও ও দি আহে

ডেও দি যায়

জোন, বেলি, তৰা, নক্ষত্ৰ।

প্ৰস্তাৱ নদী...আৰু পৃথিৱীৰ

ক'ৰবাত যেন আঁচোৰ আছে,

মানুহৰ মনত সংকল্প

সাম্প্ৰতিকক চেৰাই যোৱাৰ,

ফুল আৰ্শীষ আৰু

বিষাদ ফেনীল নিস্তৰঙ্গ ঢৌ

ফিনিক্স পক্ষীৰ-

উদঙীয়া সময়ৰ সপোন

এপাচিমান টোপনি,

সেই টোপনিৰ জৰিমা ভাঙি

সি আৰম্ভ কৰে বিশ্বমোহন ভ্ৰমণ...

গতি, প্ৰগতি, সময় ইত্যাদি।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages