মনৰ বাটেদি
বিধান গগৈ
যোৰহাট
মই যি বাটেৰে যাওঁ
সেই বাটতে মৌসনা কবিতাবোৰ লগ পাওঁ।
জীৱনৰ দুখ বোৰ একাষৰীয়াকৈ থৈ
সুখ বোৰ বিলাই যাওঁ সমাজলৈ।
সময়ত দুখ বোৰ সলাই লওঁ সুখলৈ।
মই যি বাটেৰে যাওঁ
সেই বাটৰ আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰি যাওঁ,
সমাজ খন সু শৃংখল হ’বলৈ।
মই যি বাটেৰে যাওঁ
সেই বাটত পোৱা গৰিহণাবোৰ,
অশ্ৰু অঞ্জলি ৰূপে বুকুত সাঁচি থওঁ।
মই যি বাটেৰে যাওঁ
সেই বাটতে মৰমৰ সুভাষ বিচাৰি পাওঁ,
শৰতৰ শেৱালী, তগৰ, মালতীৰ সুগন্ধিয়ে মোৰ মন প্ৰাণ জুৰ পেলায় যায়।
মই যি বাটেৰে যাওঁ
সেই পথত থকা অসহায়,পংগু, নিচলা আৰু আৰ্তনাদৰ এধানি মৰম হৈ ,
সময়ৰ সোঁতত বিলীন হৈ যাওঁ।
জীৱন বাটৰ সময়বোৰ এনেকুৱাই, কেতিয়াবা সাগৰৰ জোৱাৰৰদৰে ভাঁহি আহে অবিমল সুখ হৈ
কেতিয়াবা অস্ত আকাশৰ ক'লা ডাৱৰৰদৰে এচমকা দুখ হৈ।
এয়েটো জীৱন, মন বাটেৰে বৈ আছে সু দিগন্তলৈ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment