আধৰুৱা ডায়েৰী
দীপালী দাস
ফৰেষ্টগেট,গুৱাহাটী
শব্দবোৰ আধৰুৱা হৈ থাকিল
হাঁহিবোৰ মৰহি গ’ল,
নিশাৰ জোনটো সেমেকি উঠিল
সপোনবোৰ অশ্ৰুৰ বৰষুণজাকত বিলীন হ’ল।
তোমাৰ অনুপস্থিতিত দিনবোৰ
নাযায় নোপোৱায় যেন লাগে
কত উজাগৰী নিশা কতালো
তোমাৰ স্মৃতি সামৰি!
নিশাৰ নিস্তৱতাত
দুচকু সেমেকি উঠে
বাজি উঠে যন্ত্ৰণাৰ ধ্বনি
উচুপি উঠে মোৰ ভগ্ন হৃদয়।
গুপুতে ৰাখিছো দগ্ধ হৃদয়ৰ যন্ত্ৰণা
তোমাৰ মিছা প্ৰতিশ্ৰতিবোৰে
বুকুত চিৰিংকৈ আঘাত কৰে
দুচকু পানীৰে উপচি
নিৰৱে চকুলো হৈ বৈ আহে
বিষাদেৰে ভৰা যন্ত্ৰণাময় জীৱন।
আমাৰ প্ৰেম নামৰ কাহিনীটো
হাঁহিৰে আৰম্ভণি হয়
চকুলোৰে সমাপ্ত হৈছিল
এয়াই নেকি অবুজ প্ৰেম ?
ৰঙীন সপোনবোৰ চোন হেৰাই থাকিল
ধূসৰ ৰাতিৰ এন্ধাৰত
বৰ্তমান মাথো তুমি হৈ ৰ’লা
মোৰ আধৰুৱা ডায়েৰীখনত
মৰহি যোৱা শুকান গোলাপ পাহ হৈ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment