জাৰজ প্ৰেম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

জাৰজ প্ৰেম

 

জাৰজ প্ৰেম


                    চিন্ময় বৰা

              চতিয়া,বিশ্বনাথ 


তোমাৰ পৰা মোৰ ঘৰৰ দূৰত্বনো কিমান

অথচ হৃদয়ৰ দূৰত্ব ইমান? 

নুবুজো মই একে আকাশৰ তলত থাকিও

ইমান কিয় নিলগত আজিও! 


কেতিয়াবা ভাবো 

তুমি মোৰ হোৱা হ’লে... 

কেতিয়াবা ভাবো 

তুমি নহ’লেও চোন মোৰ উশাহবোৰ চলে।


ভালপোৱা? 

নাই নাই, মোৰ দ্বাৰা সেয়া সম্ভৱ নহয়। 

মোৰ দৰে মানুহে নাজানে প্ৰেম কৰিব

জানে মাথোঁ সপোন দেখিব,

তুমি যেন জোনটোৰ দৰেই মোৰ বাবে 

চাব পাৰোঁ, ভালপাব পাৰোঁ

চুব নোৱাৰোঁ। 

আৰু মৰম কৰিব? 

সেয়া জানো সম্ভৱ! 


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages