মৌন কোলাহল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

মৌন কোলাহল


 মৌন কোলাহল


                       চন্দ্ৰপ্ৰভা বৰ্মন

                             গুৱাহাটী


বিষাদৰ কৃষ্ণ গহ্বৰত নিস্তব্ধ 

কোলাহলৰ বিকট চিঞৰ !

বিষাদৰ টুলুং-ভুটুং পানচৈ উজায়

কৃষ্ণচূড়া কলিজাটোৰ ভিতৰত !

অমৌন কোলাহলত স্তব্ধ  

হ'ব খোজে পলাশী হৃদয় !

নিশব্দ হুমুনিয়াহৰ নিমিলা

ছন্দত শব্দ হেৰাই কবিতাৰ !

মায়াবী আৱৰণৰ স্বপ্নবিভোৰ

অভ্ৰভেদী অশ্ৰু নিগৰে যন্ত্ৰণাৰ !

মৌন ওঠত বাগৰে মদাৰ ফুলীয়া

বিষাদৰ গান দুঃসহ বেদনাৰ….

পৰিমাপৰ স্কেলত অসীমৰ 

পৰা সসীমলৈ দুঃখৰ পৰিসীমা….

বালিচৰত বহি নদীৰ ঢৌ লিখি

বুকুত আঁকি লওঁ এটি নিৰ্লোভ আবেলি

উচ্ছল জোৱাৰ, তীব্ৰ বেগী ধুমুহাৰ মাজত

স্হিতপ্ৰজ্ঞ জীৱন, স্থিৰ, নিঃকিন, নিথৰ...

সৰাপাতৰ বুকুত লিখো নুবুজা ভাষা

নুসুধিবা ! তৰাফুলা ৰাতিৰ আকাশৰ 

বুকুত খহি পৰা পপীয়া তৰা

চাই নৈসৰ্গিক আঁলোকত

জোনৰ সতে মই সাৰে থকাৰ কথা.…!


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages