জীৱন
কল্যাণী গগৈ
নগাঁও
এক ধাৰাবাহিক গতিধাৰা
ঠিক,
নদীস্ৰোতৰ স্ৰোতস্বিনী,
কেৱল মাত্ৰ সংগ্রামেই নহয়।
আছে তাত অত্যন্ত প্ৰাপ্তিৰ পৰিধি।
জীৱন,
পৰিলক্ষিত হয় নতুনত্বৰ মধুৰতম ক্ষণ।
আকৌ কেতিয়াবা,
খোদিত হয় অৱশ শৰীৰে
জিৰণি লোৱা কিছু পল।
ব্যস্ততাৰ তাগিদাত জিৰণি লোৱা
জীৱনেও কৈ যায়,
প্ৰাপ্তি- অপ্ৰাপ্তিৰ একোটা জীয়া কাহিনী।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment