বিধ্বস্ত
ভূমিকা লহকৰ
গুৱাহাটী
আমি একেখন বিচনাতে
একেলগে শুইছোঁ
মূৰ থ’বলৈ আমি ইজনে সিজনক পাতি দিছোঁ বুকু আৰু বাহু
আমি অট্টালিকাত নাই
জুপুৰিটো নাই
ধুমুহাত বিধ্বস্ত হৈ পৰি আছোঁ অচিন ঠাইত
আমাৰ কাষত কোনো নাই
তথাপিতো আমি আমাক বুকুৰ কাষলৈ চপাব পৰা নাই
চকুত চকু থ’ব পৰা নাই
কাৰো মুখত এষাৰ মাত নাই
স্পৰ্শৰ অনুভূতি নাই
কেৱল উশাহে নিশাহক কৈ আছে
আমি মৰা নাই
আমি মৰা নাই
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment