ঘাট এটাত
ৰেবিকা নেওগ
তিনিচুকীয়া
নিচিন্তে জীয়াব পাৰে নে!
পাৰে নে সজোৰে পোনাই ল’বলৈ এটা নতুন বাট!
কিমান ওজনৰ অভিমান হ’লে বেলি ঘূৰাৰ বাটে বীৰদৰ্পে খোজ ল’ব পাৰে?
একেই ভৰ দুপৰীয়া, অথচ ছাঁ নাই হিচাপৰ লেখিয়া
নাই ৰ’দৰ আলাপ
কিম্বা দুটি ছাঁৰ অপলাপ
ববলৈ ধৰা নৈ এখনেতো মিলাব নোৱাৰে দুটি পাৰক মোহনাক
কাণ বিন্ধা বিলাপে জানো চিলাই দিব পাৰে ফিচিকা ঠিকনাৰ সীমনা
ঘাটত বাৰু বহিম নে ?
নে উটি যাম সময়ৰ নদীত ?
উত্তৰবোৰ উদয় হোৱা বেলিক দিবা
ধূসৰীয়া খবৰটো লৈ বাট ল’ম অস্তৰ বেলিকা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment