মই মোক বিচাৰি ফুৰিছো
জুৰি গোস্বামী শৰ্মা
পাঠশালা, বজালী
মই মোক বিচাৰি ফুৰিছো
ডাঠ হাবিৰ সেউজীয়াত
জেঠৰ তীক্ষ্ণ ৰ’দজাকত
আঘোণৰ ন’ৰানিত
কিম্বা পানীৰ প্ৰতিবিম্বত
আজিকালি আকাশখন
আকাশ হৈ নাথাকিল
ধূলি আৰু ধুমুহাৰ তাণ্ডৱত
এতিয়া ত্ৰাসিত আকাশ,
মৰুৰ ধুমুহা নিতে বয় আজি
জন কোলাহলত এতিয়া
আৰ্তনাদ কৰে আত্মাই
আৰু এই জন অৰণ্যত
মই বিচাৰি ফুৰো নিজক
কায়া বিচাৰি ছায়া হেৰায়
জলফাই ৰঙী সপোন এটাই
ভৰ কৰিছিল চকুৰ পতাত যেতিয়া
তেতিয়া মই সাৰে আছিলোঁ
সেয়ে আজি সপোনটোয়ে
প্ৰাণ নাপালে
প্ৰাণৰ মায়াত সপোনো ডুবে
ডুবি ডুবি ককবকাই
এতিয়া মই ক’ত বিচাৰোঁ নিজক
মোৰ উশাহত নে নিশাহত !
নে শৈশৱৰ স্বপ্নময় দিনত ?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment