বন্ধুত্ব
বৰ্তমান এটি সহজলভ্য শব্দ
ৰঞ্জিতা দাস
পাঠশালা, বজালী
সকলো সম্পৰ্কৰ উৰ্ধত যদিও বন্ধুত্বৰ বান্ধোন কিন্তু বৰ্তমান সময়ত ই এটি সহজলভ্য সম্পৰ্ক বনাম শব্দ। তেজৰ সম্পৰ্কৰ বাহিৰত আটাইতকৈ অভিনৱ, নিকট, নিৰ্ভেজাল সম্পৰ্কৰ নামেই হৈছে বন্ধুত্ব। বন্ধুত্ব গঢ়িবলৈ যিমান সহজ পালন কৰিবলৈ কিন্তু ইমান সহজ নহয়। কাৰোবাৰ লগত চিনাকি হ'লেই ইয়াক ব্যৱহাৰ কৰিব পাৰি। তাৰ পিছত ইচ্ছা কৰিলে স্বাৰ্থত প্ৰয়োগ কৰিব পাৰি নতুবা ডাষ্টবিনত পেলোৱা দি পেলাই দিবও পাৰি। অৱশ্যে প্ৰকৃত বন্ধুত্বক উদাৰ আকাশৰ লগত তুলনা কৰিব পাৰি, পাৰাপাৰহীন সাগৰৰ স’তে ৰিজনি কৰিব পাৰি। সঁচা বন্ধুত্বক কেতিয়াও বয়সে বান্ধিব নোৱাৰে। সঁচা বন্ধুত্ব যিকোনো বয়সত আৰু যিকোনো বয়সৰ লোকৰ সৈতে উচ্চ-নীচ, ধনী-দুখীয়া, জাতি-ধৰ্ম নিৰ্বিশেষে হ’ব পাৰে। বন্ধু মানেই সঁচা শুভাকাংক্ষী। বন্ধুত্বত সাতোৰঙী ৰং বোলাই বন্ধুত্বৰ সম্পৰ্কক মহীয়ান কৰি তুলিব পাৰি আৰু কিছুমানে বন্ধুৰ বাবেই সৰিয়হ ফুলাদি ফুলিবও পাৰে।
আচলতে দুজন ব্যক্তিৰ মাজত আটাইতকৈ বিশুদ্ধ সম্পৰ্কটোৱেই হৈছে বন্ধুত্ব। যি বন্ধনত এজনে আনজনৰ লগত ভাব-অনুভূতি নি:সংকোচে ভাগ-বতৰা কৰিব পাৰে আৰু যিকোনো পৰিস্থিতিতেই বন্ধুৰ হাত খামুচি ধৰি ৰাখে। কেতিয়াবা বন্ধুৰ সৈতে সৰু-সুৰা কাজিয়া লাগিলেও বিপদৰ সময়ত কিন্তু প্ৰকৃত বন্ধুৱে সহায়-সহযোগ নকৰাকৈ থাকিব নোৱাৰে অথবা উচিত পৰামৰ্শ নিদিয়াকৈ থাকিব নোৱাৰে। মুখেৰে মাতবোল নকৰিলেও বন্ধুৰ সুখ-দুখৰ খবৰ ৰাখে। প্ৰকৃত বন্ধুৱে বন্ধুক উচিত কামত উৎসাহিত কৰে আৰু বন্ধুৰ সফলতা উপভোগ কৰে। সেয়ে প্ৰকৃত বন্ধুত্বক সৰ্বশ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়, য’ত থাকে স্বাৰ্থহীন মৰম, ত্যাগ আৰু ভালপোৱাৰ প্ৰতিশ্ৰুতি।
আমাৰ জীৱনত এজন সঁচা বন্ধুৰ বাৰুকৈয়ে প্ৰয়োজন যদিও বৰ্তমান সময়ত সঁচা বন্ধু পোৱাটোও দুৰ্লভ। বৰ্তমান সময়ত বন্ধুত্ব শব্দৰ পৰিসৰ যদিও বৃদ্ধি পাইছে, হেৰাই গৈছে সেই আগৰ বন্ধুত্ব শব্দৰ গভীৰ অৰ্থ। বৰ্তমানৰ মানুহবোৰে যিমান সোনকালে বন্ধু গঢ়িব পাৰে সিমান সোনকালে পাহৰি যাবও পাৰে। বন্ধুত্বৰ সম্পৰ্কৰ মাজত যেন এটি তুলুঙীয়া অনুভৱে ঠাই লৈছে। বিশ্বাস আৰু শ্ৰদ্ধা নথকা বন্ধুত্বৰ কোনো মূল্য নাথাকে, থাউকতে সম্পৰ্কৰ পবিত্রতা হেৰাই যায়। বৰ্তমান সময়ত বন্ধুত্ব গঢ়োতে সাৱধান নহ'লে বিপদত পৰাৰ সম্ভাৱনাই বেছি। এচাম মানুহে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেই বন্ধুত্বৰ দৰে পবিত্ৰ সম্পৰ্ক গঢ়ি নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই আঁতৰি যায়। মনৰ মাজত ঈৰ্ষা, হিংসা, স্বাৰ্থপৰ স্বভাৱ পুহি ৰখা মানুহে বন্ধুত্বৰ দৰে সৰগীয় অনুভূতি কেতিয়াও অনুভৱ কৰিব নাজানে। যিসকল লোকৰ বুকুত খৰিকাজাইৰ সুগন্ধি বৈ থাকে তেনেলোকে বন্ধুত্বৰ সম্পৰ্কতো সেই অনন্য সুবাস বিয়পাই দি সুখী হৈ পৰে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment