তোমাৰ বাবে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

তোমাৰ বাবে

 


তোমাৰ বাবে


                           মিনু হাজৰিকা


তোমাক প্ৰত্যক্ষ কৰিয়েই

ধন্য হ’ল মোৰ দুনয়ন।

তোমাক পায়েই ধন্য হ’ল

মোৰ প্ৰেমময় জীৱন।


তোমাৰ বাহিৰে মোৰ 

সময়বোৰ যেন হঠাতে হ’ল 

দিশহাৰা।


কাষৰত তুমি আহি বহিলে

হৃদয়ত পাওঁ যেন

নতুন এক জীৱন।


বতাহত উমান পাওঁ

তোমাৰ সুৰীয়া কথা।

যেন ভাঙি যায় অনন্ত

শতসহস্ৰ নিৰৱতা।


গীতৰ পখী হৈ উৰি যাওঁ মই

যেতিয়া শুনা পাওঁ 

তোমাৰ দুটি ওঠেৰে নিগৰা 

মৰম মৰম লগা 

বহুত বহুত কথা।


তুমি আছা বাবেই হয়তো

মইও আজি বিদ্যমান।

যেন এটি শিলৰ বুকুত 

কোনোবা অচিন প্ৰেয়সীয়ে প্ৰেমিকৰ নাম কটা।


তুমি আছা বাবেই হয়তো

সহিব পাৰিছো পৃথিৱীৰ

এই অৰাজকতা।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages