মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক

 

মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক


প্ৰৱীণ ৰাজবংশী

জাজৰি, মৰিগাঁও


পূৰ্ণিমা ৰাতি আছিল

আছিল জোনাকৰ 

সতেজ পোহৰৰ মাদকতা

মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক।


জুন গলা জাৰৰ নিশা

অযুত তৰাৰ নানা ৰঙৰ খেলা

আছে ডাৱৰৰ আঁৰত জুনৰ

মিচিকিয়া হাঁহিৰ আভাস

মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক।


মায়াবিনী ৰাতিৰ কুলাত

ৰহনসনা জোনাক নিশা

কৰেহি আমনি মোৰ কবিতাত

ভাল পোৱাৰ পৰা ভাল লগালৈ

মোৰ স্বপ্ননীল আকাৰ তুমিয়েই জোনাক।


পূৰ্ণিমা ৰাতিৰ তুমিয়েই জোনাক

জীৱন-তৃষ্ণাৰ মোৰ অনুভৱৰ

সঁচা মানৱতাৰ কবিতাৰ সুবাস

মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages