তোমাৰ কাষ চাপি আহিছো
অৰূপ কুমাৰ দাস
ৰ’দ হৈ
জেকা লাগি থকা সময়বোৰ শুকুৱাবলৈকে
তোমাৰ কাষ চাপি আহিছো
বৰষুণ হৈ
আকৌ মেঘ হৈ উৰি যাবলৈকেই যেনিবা
তোমাৰ কাষ চাপি আহিছো
তুমি ধোঁৱাই থকা একাপ চাহ
তুমি বৈ থকা জিৰ্ জিৰ্ এটা জুৰি
শীত অথবা গ্ৰীস্মৰ অসংখ্য অজুহাতে
মোক তোমাৰ কাষলৈ লৈ আহিছে
তুমি এখন আকাশ
উৰণৰ অৰ্থ বিচাৰি মই
তোমাৰ কাষলৈ আহিছো
নাইবা তুমি একোৱে নহয়
এনেয়েই
তোমাৰ কাষ চাপি আহিছো।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment