গছৰ আবেগ
বন্তি গোস্বামী
গুৱাহাটী
মোক নাকাটিবি অ,
মই এদিন নিজেই নোহোৱা হৈ যাম ।
মোৰ গাত য'তে ত'তে
ঘূনে ধৰিছেই
শতকৰ দুৱাৰ খনো চুলোৱেই নহই
মইতো কাকো অপকাৰ কৰা নাই
যিমান পাৰোঁ বিলায়েই আছোঁ দেখোন
মোৰ তলত বহি গা শাত পেলোৱা
মানব জাতিৰ কথা
এবাৰ ভাৱাচোন ;
মই এই ধৰনিত যিমান দেখিছোঁ শুনিছোঁ
তোমালোকে যানো দেখিছা ?
ক'ত ডেকা গাভৰুৰ মিলনৰ সাক্ষী
মোৰ এই তলতেই হৈছিল
পশু পক্ষীৰ আশ্ৰয় স্থল
মোৰ গাতেই দেখোন
এই যে ৰঘূমলা ডাল দেখিছা
তাই যানো মোৰ গাতেই লাগি
থকা নাই
মোক যদি কাটি পেলোৱা
সিহঁত বোৰনো কি হ'ব অ'
এবাৰ ভাবি চাবাচোন
ৰ'দ বতাহ হাঁহি কান্দোন কোলাহলৰ মাজতেই মোৰ জীৱন
সকলোকে লগত লৈয়েই
মই জীয়াই আছো
মোক থাকিব দিয়া
মোক নাকাটিবা অ'
মোক নাকাটিবা
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment