যাদুৰ নগৰী মায়ং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

যাদুৰ নগৰী মায়ং

 

যাদুৰ নগৰী মায়ং


                         সৰিফুল আলম 

                                মৰিগাঁও


যুগে যুগে নাম ৰচি

যুগক সাক্ষী কৰি 

জিলিকি আছা আজিও 

বিশ্ব দৰবাৰত 

তুমি যাদুৰ নগৰী। 

তাহানিৰে পৰাই,

যাদু মন্ত্ৰৰ কি‍ংবদন্তী 

ভাৰতৰ, কৃষ্ণচূড়া ৰাজ্যৰ 

গৌৰৱ তুমি।

বুৰঞ্জীৰ পম খেদি,

তোমাৰ ৰহস্যময়ী,

গোপন গাথা বিচাৰি 

আজিও হতভম্ব ক’ত জন 

মুগ্ধ শতজন।

পৰিৱৰ্তন আৰু আধুনিকতাৰ লহৰে

যদিও কপাইছে বিশ্ব ব্ৰহ্মাণ্ড

তথাপিও অক্ষুণ্ণ হৈ আছে 

যাদুৰ দেশৰ গোপন গাথা 

ইতিহাসৰ পাতে পাতে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages