কথাবোৰ সাৰে আছিল
প্ৰসন্ন তালুকদাৰ
গুৱাহাটী
কথাবোৰ বিশৃংখল নাছিল
তথাপি কিয় জানো বোবা হৈ আছিলোঁ
কওঁ কওঁ বুলি একো ক’ব নোৱাৰিলোঁ
তোমাক নিচেই কাষত পায়।
এনেকৈয়ে হেৰাই যায় নেকি
বুকুৰ আপোন মানুহবোৰ
মনৰ কথাবোৰ খুলি ক’ব নোৱাৰাৰ বাবে...
তেতিয়া নদীখনো সাৰে আছিল
যেতিয়া তুমি আহিছিলা
খোলা আছিল দুৱাৰ-খিৰিকীবোৰ
বলি আছিল এছাটি মৃদু মলয়া
বুকুৱে বুকুৱে স্পৰ্শ কৰি
কিমানবাৰ কৰিলোঁ প্ৰয়াস
তথাপি বোবা হৈ ৰ’লোঁ কিয়
বুকুৰ ভিতৰত কথাবোৰতো সাৰে আছিল
তোমাক আপোন কৰি ল’ব পৰাকৈ ...
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment