মই যদি মৰি থাকো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

মই যদি মৰি থাকো

 


মই যদি মৰি থাকো


                             ভাৰতী বসুমতাৰী

                                       ধেমাজি


মই যদি হঠাৎ মৰি থাকো

চুবুৰীটোৰ লগতে, ফেচবুকৰ পাততো খবৰটো বিয়পি পৰিব


কোনোৱে লিখিব Rip

কোনোৱে চকুপানী ইম'জিটোত ক্লিক কৰিব কতৰ্ব্যৰ খাতিৰতে


কোনোৱে ফটো এখন মোলৈ টেগ কৰি লিখিব 

বৰ দুখ পালো

তোমাৰ বিদেহ আত্মাই সদ্গতি পাওঁক


কোনোৱে ক্ষন্তেকৰ বাবে ভাবুক হৈ পৰিব

কোনোৱে দুটোপাল অশ্ৰু নিগৰাব

কোনোৱে শোক-সভাও পাতিব কতৰ্ব্যৰ খাতিৰতে

 

কেইদিনমান গুচি যাব অলপ দুখে দুখে

থিক দহদিনৰ শেষত চুবুৰীটোৱে পাহৰি পেলাব

আৰু অলপ দিনৰ পিছত ঘৰখনে


কিছু দিনলৈ পদূলিটো চেচাঁ গধূৰ হৈ থাকিব

বাটৰুৱাই নেচাঁও নেচাওঁকেও চাই যাব নিঃস্ব চোতাল

জুমা-জুমি, লুকা-চুৰি


লাহে লাহে এদিন সকলো সহজ হ’ব 

মই কাৰ কি আছিলো প্ৰয়োজনেই নেথাকিব।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages