জীৱন বৃত্তৰ পৰিধি বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

জীৱন বৃত্তৰ পৰিধি বিচাৰি

 

জীৱন বৃত্তৰ পৰিধি বিচাৰি


                                     ৰীতে ৰিদম


অংকৰ অংশ এটাৰে আৰম্ভ কৰিছোঁ জীৱন

মই মোৰ পৰা

সুখ আৰু দুখক নিলগাই ৰাখিছোঁ

পৃথক কৰিছোঁ

ইজনক সিজনৰ পৰা

কোনেও কাকো জগৰ ধৰিব নোৱাৰা কৰিছোঁ,


দুখবোৰ কিমান দুখত দুখী

সুখবোৰ কিমান সুখত সুখী

পৰীক্ষাগাৰত দিছোঁ।


এসাগৰ সুখ আৰু দুখৰ পানী সিঁচি

খালি কৰিব বিচাৰিছোঁ এখন সাগৰ

সন্ধান কৰিছোঁ মণি মুকুতা

কিজানি পাম জীৱন গঢ়াৰ আকৰ,


জীৱনৰ সংজ্ঞানো কি

পৰীক্ষাগাৰৰ সকলো সজুঁলি প্ৰয়োগ কৰি

পৰীক্ষা কৰিছোঁ 

গণিতৰ সকলো নিৰ্ভুল সুত্ৰ প্ৰয়োগ কৰি

জীৱন বৃত্তৰ ব্যাসৰ পৰিধি কিমান

কম্পাছেৰে জুখি চাইছোঁ

প্ৰয়োগ কৰিছোঁ- 2 𝝅 r

ইম্মান বহল জীৱন বৃত্তৰ পৰিসীমা…!

সুখ আৰু দুখৰ…!


অংকৰ অংশ এটাৰে আৰম্ভ কৰিছোঁ কাৰণেই

গাণিতিক সুত্ৰ বেছিকৈ প্ৰয়োগ কৰিছোঁ

কাৰণ মানুহে যে কয়-

জীৱন মানে এটা মস্ত গাণিতিক অংক

সেয়েহে গঢ়ি পিটি নিৰ্মাণ কৰিছোঁ

এখন বহল হৃদয় আৰু এখন বিশাল আকাশ

য’ত সুখ দুখৰ গীত এটি

মুক্তকণ্ঠে গাই যাব পাৰোঁ।


মোটামুটি পোৱা-নোপোৱাৰ অলেখ হিচাপ 

আৰু পৌনঃপুনিক

অংকৰ অংশৰে আৰম্ভ কৰা জীৱনটোক লৈ  

সুখ দুখৰ এখন ৰেলগাড়ী চলাইছোঁ

অনন্ত কাললৈ…..।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages