ইতিহাস
ললিত দৈমাৰী
তেজপুৰ
নিলিখো আৰু মই
বহু ইতিহাসৰ কাহিনী
প্ৰকাশো নকৰো অনুভৱ
বৰ্তমান ভৱিষ্যতেও
কথাৰ ছন্দ বিন্যাস সজাই
নিলিখো আৰু মই
সাহিত্যৰ কীৰ্তি অলংকৰণ
ভাষাহীন মনোভাৱক লৈ
শব্দৰ সংযোজন ঘটাই
নিলিখো আৰু মই
অনাবিল চিন্তাধাৰা সমূহক
বিশ্লেষণ কৰিবলৈ ইচ্ছাও নাইকিয়া হ’ল
ৰোগীয়া দেহাটি যথৰ হৈ পৰিছে
এই জঞ্জাল কেতিয়া আঁতৰি যাই
ভাবি চিন্তি সুখৰ আভা বিচাৰি
স্থিতি সলনি কৰো ৷
নিলিখো আৰু মই
জীৱনৰ দস্তাবেজ একলম
নিলিখো আৰু মই
পুৰনি চিঠিখনৰ সাৰাংশ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment