লুইতপৰীয়া ডেকা
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
লুইত পৰিয়া ডেকা আমি
লুইত পৰীয় ডেকা
উজনি অসমৰ কাকপথাৰৰ
ন-দুৱাৰৰ বীৰ লাচিতৰ
ন-পচুৱা ডেকা।।
ন-সেনা ন-জোৱান চিহ্ন ৰক্ত ধ্বজ
লুইত পৰীয়া ডেকা আমি
লুইত পৰীয়া ডেকা
চোকা তৰোৱাল লওঁ লাচিতৰ
কৰ্মাহত ন-জোৱান।।
লুইত পৰীয়া ডেকা অ’
লুইত পৰীয়া ডেকা
জাগৈ জাগ জাগৈ জাগ
মুক্তি যুঁজাৰু বীৰ
বীৰ বেশেৰে ৰক্ত ঢালি
ধুই দে চৰণ আইৰ।।
উঠৈ উঠ উথৈ উঠ
জাগ্ৰতভিমান
ত্যাগৰ মন্ত্ৰ সাহসৰ যুক্তি
ৰণছণ্ডী দিওঁ।।
ব’লৈ ব’ল ব’লৈ ব’ল
আক্ষেপ ভূক্ষেপ ভয় নকৰোঁ
ধৰ্ষণ লুণ্ঠন নিৰ্য্যাতন
দমন কৰোঁ ব’ল।
আহৈ আহ আহৈ আহ
বৰ্বক খেদো আহ
লুইত পৰীয়া ডেকা অ
লুইত পৰীয়া ডেকা।।
জয় আই অসম
জয় আই অসম
জয় আই অসম বোল
লুইত পৰীয়া ডেকা আমি
লুইত পৰীয়া ডেকা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment