বাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

বাট

 


বাট


         প্ৰণীতা গগৈ

            চৰাইদেউ


চৰাইৰ মাতত

সুখ ঢালি

সাৰে থাকে

এটা সেউজীয়া বাট


বাটৰ কাষত

অনেক বাট


আত্মধাৰণ কৰিছোঁ

পিতাই চিনাই দিয়া

সেই বাট

সৰল অথচ

অসহজ চিকুণ


প্ৰাৰ্থনাত উশাহ গুজি

মৌন হয় চকুৰ ছাঁ

আত্মিক সুৰে ফুচুলাই

পানীপৰুৱা মাটি চাকি


আদৰৰ বাট


আকুলি ওঁঠত

সী লওঁ

নীৰৱতাৰ বিশেষ ৰাগ।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages