শ্বহীদ বেদীত অচল অঞ্জনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

শ্বহীদ বেদীত অচল অঞ্জনা

 


শ্বহীদ বেদীত অচল অঞ্জনা


                                               ৰীতে ৰিদম


অঞ্জনা, সংগ্ৰামী খোজেৰে

তলবল তেজ, কিন্তু লৰচৰ নকৰা

সকলোতকৈ ওখ

থিয় হৈ কি কৰিছা

মৌন ওঁঠ মৌন ভাষা

মানি ল’ব নোৱাৰোঁ তোমাৰ জড়তা


তোমাৰ স্বাভিমান আৰু আত্মপ্ৰত্যয়

ক’ত সোলোকাই থ’লা

হেজাৰ প্ৰতিবাদী মিছিলৰ পৰা

তুমি যে হেৰাই গ’লা


তোমাৰ আত্মা, জুই আৰু ধোৱা

বিষাদ আৰু বিবাদেৰে

যন্ত্ৰনাৰ পৰীক্ষাত তুমি উত্তীৰ্ণ হ’ব নোৱাৰিলা


তোমাৰ অন্তিমটো উশাহত চটফটাই

সংগ্ৰামী বন্ধুক যে কৈ গৈছিলা

“মিচিং ৰেঙাম অৃৰৰই”

“মিচিং ৰেঙাম তুৰয়াৰয়ে’


অঞ্জনা, নিৰ্বাক নিষ্পন্দ তোমাৰ কলিজা

মুখ মেলিলেও ক’ব নোৱাৰা

হেজাৰ নিষ্পেষিত জনতাৰ ভাষা

দিম বুলিও দিব নোৱাৰা শ্লোগান

তোমাৰ শৰীৰ তোমাৰ আত্মা

সীমাবদ্ধতাত তোমাৰ যে পৰিসীমা


সকলোতকৈ ওখ, থিয় হৈ

নীৰৱ নিৰ্বিকাৰ

তুমি মাথোঁ এতিয়া ছাঁ হৈ ৰ’লা

ৰংহীন ৰং, ধোৱা ছাই বৰণীয়া

মন গলেও

স্নানাগাৰত স্নান কৰিব নোৱাৰা

কৰিব নোৱাৰা আত্ম শুদ্ধি

কাৰণ শ্বহীদ বেদীত অচল অঞ্জনা


সময়ৰ বুৰঞ্জীত খোদিত তোমাৰ উদিত সূৰ্য

কাৰণ শ্বহীদৰ সাহস চিৰদিনৰ বাবে উচ্চ

স্বদেশ আৰু স্বজাতিৰ বাবে

তুমি আদৰ্শৰ প্ৰতীক, পথৰ পাথেয় হৈ ৰ’লা

তোমাৰ পথেৰে আজিও সংগ্ৰামী জনতা।


(উৰ্চগা:-শ্বহীদ অঞ্জনা পেগুৰ পূণ্য স্মৃতিত)


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages