এটা অ-কবিতা
দীপ জ্যোতি কাকতি
নদীখনৰ সৈতে উটি যাব পৰা হতেন
অসহ্য গৰমত শান্ত কৰিবলগীয়া নহলহতেন
নিষ্ঠুৰ তুমি নে মই
এটা অজুহাত পালেই আতঁৰি যোৱা
কথাবোৰ কথা হৈ থাকিব দিয়া
বুকুত মোৰ অসহ্য ভাৰ
দুচকুত মোৰ দুখৰ হাঁহি
জখলা বগাই তুমি চাব পাৰা
কোমল লাৱনী দেহাক
সুগন্ধি প্ৰেমিক সজাবলৈ
মই নোৱাৰো
পৰি লৈছে বহুত সময়
প্ৰাণহীন হৈ যাবলৈ নিদিও সুখ
সপোনটো এদিন তুমিয়ে দেখুৱাইছিলা
সেউজীয়া পথাৰৰ মাজত
বাৰি ঢাপৰ শুকান মাটিত
সপোন সপোন হৈ ৰখিল
প্ৰখৰ ৰ’দত আধা শুকাল
আধা আকৌ বৰষুণৰ অভাৱত
হেৰাই গ’ল জীৱনৰ ছন্দ
ভাগৰুৱা এলনীয়া শৰীৰৰ চেষ্টাই
নিশাৰ টোপনিৰ মাজত
সপোনৰ পিছে পিছে কৰে যাত্ৰা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment