দুখবোৰ মৌমিঠা
ববী দত্ত
টীয়ক
অদ্যোপান্ত মই আপোনাক ক’লো
আপুনি আগ্ৰহেৰে শুনিলে
বিশ্বাসৰ অপমৃত্যুৰ শৈল্পিক সংবাদ
বখলা বখলে খহাই পেলোৱা হ’ল নিঃসংকোচে
সুখৰ গান হেৰুওৱাৰ আপোচবিহীন কথকতা
গাই গ’লো দুখৰ পেষ্টৰেল ইলিজি।
ক্লান্তিৰ অনুনাসিকতাই গোপন কৰি যায়
বুকুৰ কুটুম ঘাঁ
তথাপি দুখবোৰ মৌ মিঠা।
খোলা হাঁহিৰ মুকলিমূৰীয়া প্ৰকাশেৰে
মানুহে লুকুৱাই ৰখাৰ প্ৰয়োজন
পৃথিৱীৰ সংজ্ঞাহীন হালধীয়া বেদনা
কোনে জানে কাৰ প্ৰেমত আবেগৰ নাটনি
যুক্তিৰ পৈণত শৃংখলা।
সময়ৰ প্ৰশংসাত উভতিব বতাহৰ সুৰ।
মৌ মিঠা উৰুলিৰ ৰাগীৰ দৰে বুকুৰ উথনা ঘাঁ
সুখ দুখৰ কাহিনীবোৰ হেনো নৈশ শিলৰ উচুপনি
ইয়াতো এখন নদী আছিল। নাছিল মাথোঁ পানী।
সম্প্ৰতি আপোনাৰ অন্য নাম ঈশ্বৰ!
ঈশ্বৰৰ উদাৰ কোলাত সমৰ্পিত আস্থাৰ ইতিবৃত্ত
নিষ্ফলতাৰ অধ্যায়ৰ মনস্তাত্বিক বিশ্লেষণত
ইতিবাচক প্ৰতিটো দিশত ৰূপান্তৰ।
দুখবোৰ মৌ মিঠা !
সুখৰ পুৰাতন সংগীত শুনিবলৈ কাতৰ বিহ্বলা
মই সম্প্ৰতি নিজকে প্ৰস্তুত কৰি ললোঁ মন মগজুৰ
শীতল আকাংক্ষীত যুদ্ধৰ বাবে।
ক্ষণভংগুৰ জীৱনত স্বৰ্ণিল ধ্বজা উৰাবলৈ
মই ভীষণভাৱে প্ৰতিশ্ৰুতিবদ্ধ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment