ৰাভাসকলৰ সৈতে পৃথিৱীৰ অন্য জনগোষ্ঠীৰ দেৱ-দেৱতাৰ সাদৃশ্যঃ তুলনামূলক আলোচনা
শিৱ প্ৰসাদ ৰাভা হাদু
ছাটাবাৰী, গোৱালপাৰা
পৃথিৱী সৃষ্টিৰ আদিম অৱস্থাত ক’ত,কেতিয়া আৰু কেনেকৈ ঈশ্বৰৰ ধাৰণা লাভ কৰিলে সেই বিষয়ে সঠিককৈ ক’ব নোৱাৰিলেও এটা কথা ঠিক যে-আদিম মানুহে ৰ’দ-বতাহ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ বা হিংস্ৰ জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ নাইবা বিজুলী-ঢেৰেকণিৰ পৰা ৰক্ষা পাবলৈ আদিম অৱস্থাত মানুহে ভগৱানৰ ধাৰণা সৃষ্টি হ’ল আৰু এই ভগৱানৰ স্থিতি তেওঁলোকে নিৰাকাৰ হিচাপে হয়তো কোনো গিৰি-গুহা-শিল বা চন্দ্ৰ-সূৰ্য্যক আৰাধনা কৰিছিল আৰু তাৰ পৰাই লাহে লাহে ভগৱান বা ঈশ্বৰৰ ধাৰণা মানুহৰ মনত বাস ল’লে৷তেতিয়াৰ পৰাই হয়তো মানুহৰ মনত এই সৃষ্টিৰ পালক,ৰক্ষাকৰ্তা আৰু বিনাশৰ মূল এজন আৰু তেৱেঁই ঈশ্বৰ প্ৰভু। এনেকৈ সময় বাগৰাৰ লগে লগে মানুহে জ্ঞান অৰ্জন কৰিলে আৰু চন্দ্ৰ-সূৰ্য্যৰ স্থিতি লয়-প্ৰলয়ৰ পৰা ৰক্ষা পাবলৈ ধৰ্ম-কৰ্মৰ সৃষ্টি হ’ল। এনেকৈয়েই মানুহৰ মনত দেৱ-দেৱতাৰ স্থিতি তেওঁলোকক সন্তোষ্টি কৰিবলৈ পূজা-পাতল আৰম্ভ কৰিব শিকিলে আৰু সময়ত যেতিয়া মানুহে শিক্ষিত হ’ল তেতিয়াৰ পৰাই এই চিৰাচৰিত জগতত ন ন ধৰ্মৰ সৃষ্টি হ’ল। তলত ৰাভাসকলৰ দেৱ-দেৱতাৰ লগত সাদৃশ্য থকা দেৱ-দেৱতাৰ বিষয়ে চমুকৈ আলোকপাত কৰা হ’ল।
“কিৰাত জন-কৃতি” নামৰ গ্ৰন্থখনত ড° সুনিত কুমাৰ চেট্ৰাৰ্জীয়ে (পৃষ্ঠা-১২৮) ত্ৰিপুৰাৰ “তিপ্ৰা” জনগোষ্ঠীৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিবলৈ গৈ উল্লেখ কৰিছে যে -“কেইবা শতিকা ধৰি তিপ্ৰা চামতাৱা বা চান্টাই (যিটো আজিকালি কোৱা হয় বা উচ্চ পুৰোহিত আৰু তিপ্ৰা দেওধাই সকল বা দেওধাৰী (দেউৰী) সকলক পুৰণি দেৱতাৰ দৰে পৰিচৰ্যা কৰিছিল, তেওঁলোকে ব্ৰাহ্মণসকলৰ দৰে ই এক উচ্চ আসন পাই আছে। তিপ্ৰা সকলৰ জাতীয় সৰ্বদেৱ স্থান’ত আছে ১৪ জনা দেৱতাৰ এটা থুপ সেইসকলক চান্টাই সকলে উদয়পুৰত থকা এটা মন্দিৰত ক্ৰমানুসৰি সজাই থোৱা ১৪টা ধাতুৰ মূণ্ডকত পূজা কৰে। সেই মন্দিৰেই হ’ল তিপ্ৰা সকলৰ তীৰ্থস্থান৷ এই দেৱমূৰ্তি বা জাতীয় তীৰ্থখন বৰ্তমানৰ ৰাজধানী আগৰতলাৰ কাষৰীয়া এখন ঠাইলৈ উঠাই অনা হয়। তাত ব্ৰাহ্মণসকল আৰু চান্টাইসকল, দুয়োপক্ষই পৌৰোহিত্য কৰে৷ দুয়ো পক্ষৰে আচাৰ-অনুষ্ঠানসমূহ চলাই আছে।
এই ১৪ গৰাকী দেৱ-দেৱীক ব্ৰাহ্মণ্য দেৱ-দেৱীৰ লগত একাকাৰ কৰা হৈছে-শিৱ, উমা, বিষ্ণু, সৰস্বতী, কুমাৰ, গণেশ, ব্ৰহ্মা, পৃথিৱী দেৱী, নদী গঙ্গা, সাগৰ, অগ্নিদেৱতা, কাম আৰু হিমালয়।
স্বৰ্গীয় কৈলাশ চন্দ্ৰ সিংহই তেওঁৰ লিখা “ৰাজ- মালা’ত পৃ-২৪-২৮ত তেওঁলোকে আৰাধনা কৰা বিভিন্ন দেৱ-দেৱীৰ মূল তিপ্ৰা নামসমূহ দিছে এনে ধৰণে-
(১) মকই কৰৈ-তিপ্ৰা মতই= ঈশ্বৰ/শিৱ।
(২) আৰু (৩) খাব্ধী-খা আৰু অব্ধী=(লাম প্ৰা) যঁজা আৰাধ্য দেৱতা আকাশ আৰু সাগৰ।
(৪) সাঙ-প্ৰমা = হিমালয়।
(৫) তুই-মা= গঙ্গা
(৬) মাইলু-মা=লক্ষ্মী
(৭) খুলু-মা=কপাহৰ দেৱী
(৮) বুঢ়া-চা= এই জনা দেৱতাক অসুখ নিৰাময়ৰ কাৰণে প্ৰাৰ্থনা জনোৱা দেৱতা।
(৯) আৰু (১০) বাণি-ৰাও আৰু ঠাণী-ৰাও-দুইজন ভাই ককাই।
(১১) আৰু (১২) সাতগৰাকী বুডীৰক ভগ্নী। তাৰে ছয় গৰাকী বিবাহিত আৰু সপ্তম গৰাকী হ’ল প্ৰেমৰ দেৱী।
(১৩) আৰু (১৪) দুই ভাতৃ গোৰাইয়া আৰু কালাইয়া (বাংলা নাম সুন্দৰ আৰু শ্যামা)। সেইজনাক হিন্দু বছৰৰ শেষ দিনটোত চ’ত সংক্ৰান্তীত তিপ্ৰাসকলে তেওঁলোকৰ সন্মানাৰ্থে দুই-তিনি দিনলৈকে লাও পানী খায়।
যি পদ্ধতিৰে এই ১৪ গৰাকী কিৰাত লোকসকলৰ দেৱ-দেৱীক ব্ৰাহ্মণ্য দেৱতা মণ্ডলীৰ উচ্চতৰ দেৱ-দেৱীৰ শাৰীত বহুৱালে,সেয়া সম্ভৱতঃ ১২ শতিকাৰ বিষয়।
কালিপ্ৰসন্ন সেন, বিদ্যাভূষণৰ ‘ৰাজামালিকা’ৰ আৰু সংস্কৃত “ৰাজ-মালা’’ৰ শ্লোকে একে গোষ্ঠী ভুক্তৰূপে চিনাক্ত কৰেঃ-
“ হৰোমা, হৰি-মা, ৱাণী, কুমাৰো, গণ-পা, ৱিধিঃ
ক্ষমাব্ধিৰ, গংগা, সিখী, কামো, হিমাদ্ৰিশ্চ-চতুৰ্দশ।।
(ৰাজ-মালিতা)
“শংকৰঞ্চ শিৱানীঞ্চ মূৰাৰিং কমলাং তথা।
ভাৰতীঞ্চ কুমাৰাঞ্চ গণেশাং ৱেধসং তথা।।
ধৰণীং জাহ্নৱী দেৱীং পয়োধীং মদনং তথা।
হুতাশঞ্চ চা নগেশঞ্চ দেৱতাঠাঃ শুভাৱহাঃ।।
(সংস্কৃত ৰাজ-মালা)
কালিপ্ৰসন্ন সেনেদেৱে বাংলাত সম্পাদনা কৰা “ৰাজ-মালা”ৰ পৰা ১৪ গৰাকী দেৱ-দেৱীৰ পৰিচয় দাঙি ধৰা হ’ল-
“হৰ, উমা, হৰি, মা, বাণী, কুমাৰ, গণেশ।
ব্ৰহ্মা, পৃথী, গঙ্গা, অব্ধী, অগ্নি সে কামেস।।
হিমালয় অন্ত কৰি, চতুৰ্দ্দশ দেবা।
অগ্ৰেতে পূজিবে সূৰ্য্য, পাছে চন্দ্ৰসেৱা।।”
অৰ্থাৎ শিৱ, উমা, বিষ্ণু, মা (লক্ষ্মী), সৰস্বতী, কুমাৰ, গণেশ, ব্ৰহ্মা, পৃথিৱী দেৱী, নদী গঙ্গা, সাগৰ, অগ্নি দেৱতা, কাম আৰু হিমালয় সম্পৰ্কে উক্ত স্তৱকটোত উল্লেখ কৰা হৈছে। (কিৰাত জন-কৃতি, পৃষ্ঠা -১৮০)
‘সেই চৈধ্যগৰাকী দেৱ-দেৱীক ব্ৰাহ্ম্যণ্য নামৰ সৈতে মিলাই ল’লে। এনেদৰে জনজাতীয় ধৰ্মক হিন্দু ধৰ্মলৈ আত্মীভৱন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। দেৱ-দেৱীৰ সম্পূৰ্ণ প্ৰতিমূৰ্তিৰ পৰিবৰ্তে কেৱল মূৰৰ অংশটো প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থাটো হিন্দু ধৰ্মীয় প্ৰতিমূৰ্তিৰ ব্যৱস্থাত খুব এক অস্বাভাৱিক পন্থা।”
সেয়ে ড° সুনীতি কুমাৰ চেট্ৰাৰ্জীয়ে মতপোষণ কৰি কৈছে যে- “এই চৈধ্যগৰাকী দেৱ-দেৱী হ’ল হিন্দু ধৰ্মৰ প্ৰভাৱত ইণ্ডো-মংগোলীয় লোকসকলে প্ৰতিষ্ঠা কৰি লোৱা। সেই ব্যৱস্থাত অ-ব্ৰাহ্মণ উচ্চ পুৰোহিত সান্তাইসকলে পুৰণি প্ৰাক্ হিন্দু পূজা-পাৰ্বণত ধৰ্মযাজকৰূপে কাম চলাইছিল আৰু পুৰণি ৰীতি-নীতিসমূহ ধৰি ৰাখিছিল।
এই ১৪ গৰাকী ব্ৰাহ্মণ্যবাদৰ মধ্য যুগত স্বীকৃতি প্ৰাপ্ত উচ্চতৰ দেৱ-দেৱীৰ তালিকাই ১৪ গৰাকী গ্ৰীক দেৱতা মণ্ডলীলৈ মনত পেলাই দিয়ে- জিউচ, হেৰে, আইৰিচ, আৰেশ, দেমেতেৰ, ডায়নুচ’চ, হাৰ্মেচ, এথেন, হেফাইষ্টচ, পোচিইদন, এপোল্লোন, আৰ্তেমিচ, এফ্ৰোদাইটে আৰু ঐৰোচ।
ঠিক সেইদৰে ৰোমৰ ১২ গৰাকী দেৱ-দেৱীৰ নাম পুৰণি লেটিন শ্লোকত দিয়া হৈছে এনেদৰে-
“জুনো, ভেষ্টা, মিনাৰ্ভা, চেৰেচ, ডায়েনা, ভেনাচ, মাৰ্চ, মাৰ্কুৰিয়াচ, জোভী, নেপচুনাচ, ভ’লকেনাচ, এপ’ল্ল।”
(কিৰাত জন-কৃতি পৃষ্ঠা-১৩০)
ৰাভা সকলৰ আদি পুৰুষ বীৰ ৰাজা দ’দানেও পোন প্ৰথমবাৰ আঠিয়াবাৰীত বায়খো পূজা কৰোতে ১২ জন দেৱ-দেৱীৰ নামত ৰুনজুমুক (বেদি) স্থাপন কৰি বায়খো পূজা কৰিছিল। এই ১২ জন দেৱ-দেৱী সমূহ হ’ল- আয়াচাৰি, বাবা খুচুৰী, পাজাম্বা, ত্ৰয়নাং, কয়নাং, তুৰা, চাৰি, দাৰমাং, কনচো, ফেদৰ, লাংগাচাৰা আৰু বুঢ়াবাদি।
তিপ্ৰাসকলৰ যেনেকৈ সাত গৰাকী বডীৰক ভগ্নী থকাৰ কথা উল্লেখ কৰিছে ঠিক তেনেকৈ আমাৰ ৰাভাসকলৰ আদি পুৰুষ বীৰ দ’দান ৰজাৰো সাতগৰাকী ভনীয়েক/ভাগিনীয়েক থকাই প্ৰমাণ কৰে তিপ্ৰা আৰু ৰাভা সকলৰ দেৱ-দেৱীৰ সাদৃশ্য মনকৰিব লগীয়া৷ দ’দানৰ সাত ভাগিনীয়েক সকল হ’ল- চাম্পায়, দাদুৰি, তামায়, নাকাতি, ৰংবুদি, ৰংমাৰি আৰু চায়মাৰি।
ফৰসিং বান্ঠোদেৱেও উল্লেখ কৰিছে যে- ‘পুৰণি বায়খোদামত ১২ (বাৰ) জন দেৱ-দেৱীক স্থান দি পূজা-পাতল কৰিছিল। সেই দেৱ-দেৱীসমূহ হ’ল- দাৰমাং, ছিছুৰাণী, তোবাৰাণী, চাম্পায়, আয়াচাৰি, ৰেংগদাৰা, ছালেং, ছিফু বা ছিপু, আছুতুৰা, আছু কনচো, লাখৰ আৰু তৗ’কাৰ-জুখুনি। (চাম্পায়; ফেব্ৰুৱাৰী/১৯৮২; চতুৰ্থ সংখ্যা; সম্পাদক- লিষ্টি ৰাম ৰাভা ৰংখ; পৃষ্ঠা-২৬-২৭)
ৰাভাসকলৰ পূজিত আন এটা হ’ল ‘হাছং’পূজা। এই পূজাৰ থানটো ১২ জন দেৱ-দেৱীক স্থান দি ৰাভা সকলে প্ৰতি বছৰে ৰাভা অধ্যক্ষিত অঞ্চলত চ’ত মাহৰ শেষত বা জেঠ মাহত এই পূজা কৰে। হাছং পূজাত যথাক্ৰমে দেৱ-দেৱী সমূহ হ’ল- খুছুৰি, পাজাম্বা, তুৰা, ত্ৰয়নাং, কয়নাং, চাৰি, দাৰমাং, কনচো, ফেদোৰ, লাঙ্গাচাৰা, লাঙ্গাচা আৰু বুৰাবাদি। হাছং পূজাত দেৱ-দেৱীক বহুৱাবৰ এটা নিয়ম আছে। হাছং পূজাত দাৰমাং দেৱতাক শ্ৰেষ্ঠ আসন দি ইয়াৰ সোঁ আৰু বাঁওফালে অন্যান্য দেৱ-দেৱীক স্থান দিয়া হয়। (যোগেন্দ্ৰনাথ বান্ঠো- “ৰাভা জাতিৰ চমু ইতিবৃত্ত”। পৃষ্ঠা-৩৭;দ্বিতীয় প্ৰকাশ/১৯৭৪ চন)
বৰঝৰা-নদীয়াপাৰাতস্থিত নব্য আয়া বায়খো থানতো ১২জন দেৱ-দেৱীক স্থান দিয়া হয়। আয়া বায়খো, ছিবু দাৰমাং, ছিচুৰাণী, তামায়, চাম্পায়, চাৰি, দাদুৰি, ৰংবুদি, ৰংমাৰি, ছায়মাৰি-খুছুৰী, নাকাতি, কনচো আৰু বাহুৱলী মাৰুক্ষেত্ৰী।
হাজং লোক সংস্কৃতি গ্ৰন্থত লেখক পণ্ডিত তথা হাজং সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত কানুৰাম হাজংদেৱৰ ‘হাজং লোক সংস্কৃতি’ নামৰ প্ৰবন্ধ (পৃষ্ঠা-০৩) ত উল্লেখ কৰিছে যে হাজংসকলৰ মুঠ দেৱ-দেৱী ১২ (বাৰ) জন। তাত তেওঁ লিখিছে যে - ‘হাজং সকলৰ পৰম্পৰাগত মূল আৰাধ্য দেৱতা বৗইছ বা বাউছ দেও। তেওঁলোকৰ মুখ্য আৰাধ্য বৗইছ দেও মূলতঃ দেৱাদিদেৱ শিৱৰ জনগোষ্ঠীয় নামান্তৰ৷বৗইছ দেওক পৰৱৰ্তী কালত আৰ্যীকৰণ কৰি বাস্ত্ত নামাকৰন কৰা হয়৷এই বৗইছ বাবাস্ত্ত দেৱতা হ’ল আশ্ৰয়স্থান বা বসতি কৰি থকা ঠাইৰ সুৰক্ষা দিওঁতা আৰু প্ৰতিপালনকাৰী দেৱতা৷বৗইছ দেও তিনিটা নামেৰে জনা যায়৷গৃহস্থই নিজাববীয়া কৈ এই পূজা কৰিলে তাক ঘৰ বৗইছ বা ঘৰ বাস্ত্ত বোলা হয়। দ্বিতীয়তে এখন জ্ঞাতি সমাজে মিলিএই দেৱতাৰ পূজা কৰিলে বুৰা বৗইছ বা বুৰা বাস্ত্ত বোলা হয় আৰু কোনো কোনো অঞ্চলত পাগলা বাস্ত্ত বা পাগলা বাউছ নামেৰে ৰাজহুৱাকৈ এই পূজা অনুষ্ঠিত কৰা হয়। ইয়াত মূল দেৱতা বৗইছ দেওৰ লগতে কামাখ্যা, পাবনী, চৰাবুৰি, খাংখাঙী, হাংহাঙী, আন্দাহুৰা, হমহমী, দমদমী, দাদৰি, যাত্ৰাদেও, বাৰ’দেও আদি দেৱ-দেৱীৰো শাৰী শাৰীকৈ মাটিৰ বেদীৰে থান প্ৰতিষ্ঠা কৰা হয়। বৗইছদেৱে মূল দেৱতা হোৱা কাৰণে থানটোক ‘বৗইছশালী’ বোলা হয়। হাজং সকলে বহাগ মাহত বৗইছ পূজা অনুষ্ঠিত কৰে৷’ (পৃষ্ঠা-০৩)
মণিপুৰৰ দেৱতাসকলক আনন্দ দিবৰ বাবে নাও খেল অনুষ্ঠিত কৰি স্বৰ্গৰ অপ্সৰাসকল খুব আনন্দিত হ’ল। তাৰ পিছত উদ্ভিদ বা কৃত্ৰিম আঁহেৰে প্ৰস্তুত কৰা এডাল জৰীৰ পৰিবৰ্তে এডাল দীঘল দণ্ডৰে একপ্ৰকাৰৰ টনা-আজোৰাৰ খেল অনুষ্ঠিত কৰিলে। মৰ্জিং বা কুবেৰে সেই কাংজেই বা দীৰ্ঘ দণ্ডৰ খেল আৱিষ্কাৰ কৰিলে। প্ৰতিটো দলত সাত জনকৈ যোগ দি দুই বিপৰীত দলৰ মাজত সেই খেল খেলোৱা হয়। এই খেলৰ সময়ত তেওঁলোক খুব হৰ্ষোল্লাসিত হৈ পৰে৷সেই কাৰণে দেশত মহামাৰী বা খেতি উচ্ছন্ন কৰা পোকে ধৰিলে,মণিপুৰী সকলে সেই দীৰ্ঘ দণ্ডৰ খেল আৰু দেৱতাৰ উদ্দেশ্যে গম্ভীৰ সামাজিক অনুষ্ঠানৰ ৰূপত নৃত্যানুষ্ঠানৰ আয়োজন কৰে। ঠিক তেনেদৰে ৰাভাসকলেও বায়খো পূজাৰ সময়ত পূজা সামৰণি মৰাৰ পিছত ঘৰমুৱা হোবাৰ পথত কিল্লা ভঙা পৰ্বৰ জৰিয়তে শক্তি পৰীক্ষা কৰি যেতিয়া কিল্লা ভাঙি চুৰমাৰ কৰিব পাৰে তেতিয়া বায়ব্ৰাসকলে (পূজাৰী) আনন্দল্লোহ কৰি আহ্লাদিত হয় আৰু হাবিৰ পৰা কাটি অনা চুগ্ৰেক কান্তা বিশেষ কাইট থকা লেওৱা বায়ব্ৰা সকল এফালে আৰু গাৱঁৰ অন্যান্যসকল আনফালে দুয়োপক্ষৰ মাজত শক্তি পৰীক্ষা লেওৱা টনা অনুষ্ঠিত হয়। এই খেলত প্ৰায় বায়ব্ৰাসকল জয়ী হয় আৰু ৰাইজৰ দলে পৰাজিত হয়৷তাৰ পিছতে দেউৰীৰ চোতালত মুকলিকৈ ডেকা-গাভুৰুৱে ছাথাৰ নৃত্য নাচে আৰু এই ছাথাৰ নৃত্য ৰাভা সকলৰ জাতীয় জীৱনৰ এৰাব নোৱাৰা এটা অংগ৷বায়খোৰ নৃত্য-গীতৰ অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ পায় ৰাভা সকল সাংস্কৃতিক ভাৱে কিমান চহকী৷গতিকে আমি ক’ব পাৰোঁ যে মণিপুৰৰ জৰী টনা খেল আৰু ৰাভা সকলৰ লেওৱা টনা খেলৰ মাজত সাদৃশ্য পৰিলক্ষিত হোৱা দেখা যায়৷অৰ্থাৎ দুয়োটা জনগোষ্ঠীৰ মাজত এনে কিছুমান সাংস্কৃতিক মিল অন্য জনগোষ্ঠীৰ মাজতো নিশ্চয় আছে আৰু এয়াই প্ৰমাণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ জন-জাতি, জনগোষ্ঠীৰ মাজত থকা সাদৃশ্য। (কিৰাত জন-কৃতি, পৃষ্ঠা-১৩৯)
তিপ্ৰাসকলে অন্যান্য বড়ো গোষ্ঠীসমূহৰ দৰেই তেওঁলোকৰ ধৰ্মৰ ৰূপান্তৰ ঘটোৱা জনজাতীয় ধৰ্ম আছে৷কিন্ত সেইসমূহৰ ভিতৰত তেওঁলোকৰ ৰজা ঘৰৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ প্ৰাক্-হিন্দু ধৰ্মৰ বহুখিনি সংৰক্ষণ কৰি গৈছে, তেওঁলোকৰ ৰাজ্যিক ধৰ্মৰ অংগস্বৰূপে৷কেইবা শতিকা ধৰি তিপ্ৰা চামতাৱা বা চান্টাই যিটো আজিকালি কোৱা হয় বা উচ্চ পুৰোহিত বা তিপ্ৰা দেওধাইসকল বা দেওধাৰী (দেউৰী) সকলক পুৰণি দেৱ-দেৱীৰ দৰে পৰিচৰ্যা কৰিছিল, তেওঁলোকে ব্ৰাহ্মণসকলৰ দৰেই এক উচ্চ আসন পাই আছে। ৰাভাসকলৰ মাজতো বিভিন্ন দেৱ-দেৱীক পূজা-পাতলৰ ক্ষেত্ৰত পূজাৰী বা দেউৰীৰ স্থান সকলৰ ওপৰত৷ ৰাজহুৱা স্থানত সভা-সমিতিত, ৰাজহুৱা পূজিত পূজা-পাতলত দেউৰীৰ আসন সুকীয়া। য’ত অন্যই আসন গ্ৰহণ কৰিব নোৱাৰে। ভোজৰ ক্ষেত্ৰত আগতে দেউৰী আৰু পূজাৰী সকলক দিয়াৰ পিছতহে অন্যান্য সকলক দিয়া হয়। গতিকে দেখা যায় যে তিপ্ৰা আৰু ৰাভাসকলৰ মাজত দেউৰীৰ স্থান সদায় উচ্চ।
(বিশেষকৈঃহিন্দু/তিপ্ৰা/গ্ৰীক/ৰোম/ৰাভা/হাজং জনগোষ্ঠীঃ১৪/১২/১২/ ১২/১২/১২জন দেৱ-দেৱী)
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment