এন্ধাৰৰ কোঠা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

এন্ধাৰৰ কোঠা

 

এন্ধাৰৰ কোঠা


                           প্ৰজ্বলিতা হাজৰিকা


নীৰৱ নিস্তব্ধতাৰে আৱৰা কোঠালি এটাত আবদ্ধ কৰিলোঁ নিজকে

নাচাওঁ আৰু পৃথিৱীৰ সৌন্দৰ্য

নাচাওঁ আৰু নিৰ্যাতিত পৃথিৱী

নুশুনো আৰু মাজনিশাৰ চিঞৰবোৰ


কিন্ত,

হৃদয়খনক কেনেকৈ বুজাওঁ?

হৃদয়খনে আমনি কৰে

সেই চিঞৰবোৰ শুনি

সেই কান্দোনবোৰ শুনি


কিন্ত, মই সেইবোৰ

আওকাণ কৰিব নোৱাৰিলোঁ

চিঞৰবোৰত দুগালেৰে মাথোঁ বৈ আহিছিল তপত চকুলো


এন্ধাৰ ভৰা কোঠালিটোৱে আঁচুৰি মাতিছিল মোক

আনফালে

অতীতবোৰে হাত বাউলিছিল


এয়াই নেকি?

এগৰাকী নাৰীৰ জীৱন গাঁথা

অৱশেষত গৈ এন্ধাৰৰ কোঠাত বন্দী কৰিবলগীয়া হয় নিজকে!

আচৰিত জীৱন!!!


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages