ভোক
হেমাঙ্গ ঠাকুৰীয়া
মানুহ জাক ৰ’দত শুকায়
বৰষুণত তিতে;
জুপুৰিবোৰৰ পৰা ভাঁহি আহে
গেলা কদর্যময়ী গোন্ধ।
ভোকাতুৰ শিশুবোৰে সপোন দেখে-
কিদৰে ডাষ্টবিনৰ পৰা এচকলা ৰুটি
অথবা এমোকোৰা ভাত
কাঢ়ি আনিব পাৰি
কাউৰীৰ ঠোঁটৰ পৰা।
শীতো যেন সিহঁতৰ অঘোষিত অভিশাপ,
ৰোগ ভোক দুখ শোক জীৱনৰ উপহাৰ!
এন্ধাৰ গলিৰ অচিন ছাঁয়াত
সিহঁত জীয়াই থাকে।
জীয়াই থাকে যেন ভোকৰ কায়া।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment