স্মৃতি-হত্যা
অৰ্চনা গীতা শইকীয়া
অতীত-সোঁৱৰণীৰ সেই একেই অকা-মিলা পথ
সেই একেই আবতৰীয়া বৰষুণজাকত
গোমা মনাকাশ।
তথাপিও, ইয়াতেই শিকলিত আৱদ্ধ এটি হৃদযন্ত্ৰ আঁকি
কাষত বৰ বৰ হৰফেৰে লিখিলোঁ- “ওভতনি বাট মোৰ প্ৰিয় নহয় কোনোকালে…”
আৰু ওলমাই দিলো পানীপৰুৱাই কুটি খোৱা দলংখনৰ প্ৰৌঢ় খুঁটাটোত....
তলমুৱাকৈ...।
স্মৃতিয়ে চুব নোৱৰা
ক্ষন্তেকীয়া বাসনা এটা মুঠিতে লুকুৱাই
মৰণ-জুই ঢালিলো বুকুত
দাও-দাওকৈ জ্বলিল সন্মুখৰ দলংখনো,
ভটিয়নী বেলিটোৰ হেঙুলীয়াখিনিত আত্মজাহৰ কথা ভাবোতেই
মনত পৰিল,
মই কোনবাটে আহি এইখিনি পাইছিলোহি
সেইকথাও ছাঁই হ’ল ব্যথামগ্ন বুকুত জ্বলি থকা জুইকুৰাত।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment