নতুন দিনৰ আগমণ
কাৰ্চাং তাকাৰ
নতুন বছৰবোৰ কিয় আহে,
নাহিবা বুলিওঁ ক’ব নোৱাৰো পলকতে বাঁহো সাজেচোন
এৰা! দুখৰ দোমোজাতে পৰি থকা হৃদয়খনক
নতুন কাপোৰ পিন্ধোৱাৰ কথাওঁ আছিল,
নতুনতে মন নতুন কৰাৰ কবিতাওঁ কেইবাবাৰো লিখিছিলো॥
ঠিকনাৰ সন্ধানত ক’ত হাবাথুৰি খালো
মেপল লিপ ৰ কফি দিয়া বাইদেউকো সুধিছিলো
বাইদেউ ইয়াত ! নতুন পাবনে?
নতুন পোৱাৰ লালসাত জেপত হাত দি চালো
নতুন কিনিবলৈ মোৰ হাততচোন একোৱেই নাই
মাথোন আছে কেৱল শূন্যতা॥
বাৰে বাৰে এই নতুনৰেই অসুখ
নতুনক সজাবলৈ নিজেই পুৰণি হৈ গ’ল
নতুনৰ সন্ধানত নিজেই লুকাল, নতুনক বিচাৰি
অথচ
এই বৃদ্ধ বৃক্ষই, নতুন পুলিক সেউজীয়া হ’বলৈ ক'বলৈ নাপাহৰিল॥
নতুনৰ জন্ম হ’ব, নতুন মুখা পিন্ধা
পুৰণিৰ শ্মশানলৈ যাত্ৰা হ’ব
পুৰণিক জানো নতুন কৰিব পাৰি
অথচ পুৰণিয়ে নিশিকায় নতুনক পুৰণি হ’বলৈ॥
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment