মৰি মৰিও পৃথিৱীয়ে হাঁহে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

মৰি মৰিও পৃথিৱীয়ে হাঁহে

 

মৰি মৰিও পৃথিৱীয়ে হাঁহে


                                   ৰুক্মিণী হালৈ

                                         মাৰ্ঘেৰিটা


ধৰ্ম যুদ্ধ, কৰ্ম যুদ্ধ, মহা যুদ্ধ 

নে ভাতৃঘাতী ৰক্তেৰে ৰঞ্জিত

এক ৰক্ত যুদ্ধ মাথোন।

ৰাজনীতি, কুটনীতি

যুদ্ধ বিগ্ৰহ,

যিয়ে শেষ কৰি দিয়ে

একোখন দেশ, একোটা প্ৰজন্ম,

কিন্তু 

হয় জানো শেষ

মানুহৰ আশা 

হয় জানো শেষ

মানুহৰ মানৱতা ?

আকৌ গজালি মেলে

মানুহৰ পথাৰত

মানুহ কঠিয়া হৈ

বাঢ়ি আহে লহপহকৈ,

নতুন প্ৰজন্মৰ 

নতুন আশাৰে

নতুন পৃথিৱীয়ে আকৌ হাঁহে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages