অ’ নৱবৰ্ষ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

অ’ নৱবৰ্ষ



 অ’ নৱবৰ্ষ


                 কল্পনা দলে পাংগিং 

                      উত্তৰ লখিমপুৰ


মই যেন শুনা নাই বহু দিন

এটি হৃদয় জুৰোৱা উদ্দীপনাময় গান,

অনুভৱী শব্দবোৰো জানো ক’ত হেৰাল,

অ’ নৱবৰ্ষ ! আনিবা নে ? মোলৈ 

এটি সুৰীয়া গান,

যাৰ ৰাগিনী শুনি মই পাম

জীৱন জীয়াৰ মধুময় তান;

কঢ়িয়াবা নে ? মোলৈ এবুকু

মধু মধু শব্দ,

নহ'ওক যেন মোৰ বুকুৰ 

অনুভৱী লহৰ স্তব্ধ।


অ’ নৱবৰ্ষ ! নিবিচাৰোঁ তোমাৰ পৰা 

সুখ আৰু সমৃদ্ধি,

পাৰা যদি ৰাখিবা মোক অনুভৱী কৰি,

অনুভৱৰ মধু গুঞ্জৰণত মই পাতিম 

শব্দৰে সঙ্গ,

তাতেই পাম মই হেৰুৱা দিনৰ 

বাখৰুৱা ৰং;

পাহৰি পেলাম মই সময়ে সানি যোৱা

মোৰ মেঘালী চুলিৰ ৰূপোৱালী ৰং।


মই ক’লেই আহিব জানো 

কাৰোবাৰ জীৱনলৈ 

সুখ আৰু সমৃদ্ধি,

সমৃদ্ধিৰ আঁৰে আঁৰে হুমুনিয়াহ সৰে

হাঁহি ভৰা নয়নৰ কোণত চকুলোঁ নিগৰে,

জীৱন মানেই ৰণ 

সাহসেৰে ল'বই লাগিব যুজাৰু পণ।


পলে পলে অনুপলে আগুৱাই 

হাঁহি-কান্দোনেৰে ভৰা জীৱনৰে ক্ষণ,

অ’ নৱবৰ্ষ ! দিবানে ?

সময়ক জীৱনক উজ্জীৱিত

কৰাৰ এমুঠি চহকী শব্দ,

যাৰ সতে ওমলি-জামলি 

মোৰ বুকুৱে শুনিব নিতে নৱ 

মধু অনুৰণন।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages