নিয়ৰবোৰে হাঁহি আছিল
অংকুৰণ আৰ্ফ
কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল
ঠিক মনালিছাৰ দৰে
কুঁৱলীৰ আঁৰত কঁপি আছিল
নুবুজা কবিতা
শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল
ঠিক সমুদ্ৰৰ দৰে
সূৰ্যই সিঁচি দিওঁতে হেঙুল-হাইতাল
মনালিছা হৈ পৰিছিল
তেজোজ্বল তেজীমলা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment