আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

আঘোণ


 আঘোণ


                   প্ৰিয়ংকা চমুৱা

          ঢকুৱাখনা, লখিমপুৰ 


লিহিৰি লেকেচিৰ সুবাস বুতলি

সপোনৰ ময়াসনা ৰাগ তুলি

আহিল আকৌ মতলীয়া আঘোণ

হেঁপাহৰ জাকৰুৱা কি যে মধুৰ এই কুঁৱলীৰ আচ্ছাদন লগা পুৱাৰ স্নিগ্ধতা 


আঘোণ মানেই শেৱালী ফুলৰ সুবাসত 

শোৱাপাতি এৰাৰ সময়

পকাধানৰ আলিত বহি 

ৰবাব টেঙা খোৱাৰ বতৰ

লাই জাবৰিৰ সৈতেও

 দুপৰীয়াৰ সাঁজৰ জুতি লোৱাৰ বতৰ

 নৰাত কাপোৰেৰে আঁৰ কৰি লৈ

শীতৰ আমেজ লৈ গল্প কিতাপ পঢ়াৰ বতৰ।


আঘোণ মানেই এক আবেগ

ৰাস পূৰ্ণিমাৰ দিনা 

পিতাইৰ ঘৰলৈ বাট বোলাৰ সময়

জহা কুমোৰা  আৰু হাঁহেৰে 

ভাতৰ জুতি লোৱাৰ বতৰ।


আঘোণ মানেই প্ৰত্যাশা

লখিমী বুটলি আনি ভঁৰাল শুৱনি কৰাৰ

দহ ভকতক ঘৰলৈ মাতি ন খোৱা পতাৰ বতৰ

পেহী মাহী বঙহীৰে ঘৰ ভৰাৰ বতৰ

সঁচাই আঘোণ এক জীপাল মাহ,

এক নব প্ৰত্যাশাৰ ঋতু

স্বপ্নিল সময়ৰ বতৰ...।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages