বিষাদ
দিলীপ কমান
বুজিলো তোমাৰ চতুৰালি
জানিছো ভেহুচালি
ভুলতো নেচাবা তুমি
নামাৰিবা মিঠা হাঁহি
নেলাগে তোমাৰ মৰম
নেলাগে তোমাৰ প্ৰেৰণা
পাৰিম জীৱন শান্তনা লভিব
থাকিম অকলে।
তুমি চালেই মোৰ ভাল লাগিছিল
তুমি হাঁহিলেই মোৰ প্ৰাণভৰিছিল
এতিয়া নেলাগে এনে মিঠা হাঁহি
নেলাগে এনে চাওনি
তোমাক দেখিলেই জানা?
গৈছিল বুকু ফাটি
নেলাগে তুমি আহিব উভতি
মৰম নেওচি
মোৰ কাষলে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment