ভাৱনাৰ সাগৰ
টোলন তছা
জখলাবন্ধা
যি আৱেগৰ উষ্ম আলিংগণত
সৃষ্টিৰ জুৰিটিয়ে হৃদয়ক পখালে
শান্ত ভাৱনাৰ সাগৰে তাতেই
উতনুৱা জোনাকৰ মেলা পাতে
তৰাফুলীয়া এজাক সপোনে তেতিয়া
নিশব্দে নিৰলে দুপাখি মেলি উৰে।
সেই আৱেগৰে নিজম নিশাত
অমূলক চিন্তাৰ অনৰ্থক পৰিণামে
বিৰহ বেদনাৰ বোকোচাত উঠি
বিচলিত কোনোবা সময়ৰ কোলাত
শুই থাকে চিতাত নিৰৱে নিথৰে
হাত ভৰি নচলা মৃতদেহৰ দৰে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment