কথা নাই
গুনোজীৎ দাস
দুজন মানুহ বোবা নহয়
পূৱৰ পৰা পশ্চিমলৈ
উত্তৰৰ পৰা দক্ষিণলৈ
কেৱল দুজন মানুহ
ক’বলৈ কথা নাই
এই ভৌগোলিক পৰিসীমাই দেও দি ফুৰিছে
কথা নাই ক’বলৈ কোনো কথা নাই
এই পৰিসীমাৰে ক’বলৈ কি কথা ৰৈ আছে তোমাৰ
কিবা কোৱা
হে’ ভাৰতবৰ্ষ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment