সজা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

সজা


 সজা


           বিকি বৰ্মন

কাৱৈমাৰী, তেজপুৰ


দৰিদ্ৰতাৰ সজাত আবদ্ধ,

মই এটি চৰাই।

উৰিব বিচাৰোঁ,

কিন্তু ডেউকা নাই।

দৌৰিব বিচাৰোঁ,

কিন্তু ভৰি নাই।

সপোন দেখিবলৈ,

মোৰ চকুত এতিয়া টোপনি নাই।


দৰিদ্ৰতাৰ সজাত আবদ্ধ,

মই এটি চৰাই।

তথাপিও 

উৰাৰ আশা —

মই এৰা নাই।

এতিয়াও মই 

ভাগৰা নাই।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages