বাটে-ঘাটে জীৱনৰ বিচিত্ৰ সুবাস
হৰেন্দ্ৰনাথ দলে
অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয় এখনৰ ২৫ বছৰ গৰকা ৰূপালী জয়ন্তী উদযাপনৰ বাবে আয়োজিত ৰাজহুৱা সাধাৰণ সভা। এই অভাজনকো উক্ত সভালৈ এগৰাকী বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰণ জনাইছিল। প্ৰকাৰান্তৰে তেখেতে মোক জনালে মই এখন গ্ৰন্থ উন্মোচন কৰিব লাগে। উক্ত বিদ্যালয়খনে ৰূপালী জয়ন্তীবৰ্ষত সৰ্বমুঠ ২৫ খন গ্ৰন্থ প্ৰকাশ কৰিব। তাৰে ভিতৰত দুখন গ্ৰন্থ সেইদিনাৰ সভাত আগতীয়াকৈ উন্মোচন কৰা হ’ব। এই গ্ৰন্থ দুখনৰ এখন এই অভাজনে উন্মোচন কৰিব লাগে। তেখেতৰ নিমন্ত্ৰণ কোনো কাৰণতেই প্ৰত্যাখ্যান কৰিব নোৱাৰি। একান্ত আত্মীয়তা ভৰা তাগিদা; কোনো বিকল্প চিন্তাৰ অৱকাশ নাই।
উক্ত সাধাৰণ সভাৰ মূল গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল গ্ৰন্থ উন্মোচন, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্তিম পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন আৰু বঁটা প্ৰদান। সেইদিনা এগৰাকী স্বনামধন্য ব্যক্তিয়ে তিনি গৰাকী বৈকুণ্ঠগামী আত্মীয়ৰ নামত সুখ্যাতিৰে উত্তীৰ্ণ উক্ত বিদ্যালয়ৰ কেইবাগৰাকীও মেধাবী ছাত্ৰ-ছাত্ৰীক এক বুজন পৰিমাণৰ নগদ ধনৰ বঁটা প্ৰদান কৰিছিল। সেইদিনা বঁটা প্ৰদান অনুষ্ঠানত তেখেতৰ বহু আত্মীয়-স্বজনো উপস্থিত আছিল। প্ৰকাৰান্তৰে উনুকিয়াব পাৰি যে এই জাতীয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফলো যথেষ্ট আশাব্যঞ্জক। যোৰহাটৰ বহু বিশিষ্ট ব্যক্তি, শিক্ষাবিদ-পণ্ডিত, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্বনামধন্য সমাজ হিতৈষী লোকৰ সমাৱেশত আয়োজিত অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পোৱাতো মোৰ বাবেও আছিল এক সৌভাগ্য।
তিনি মহলীয়া বিদ্যালয় গৃহ। বিদ্যালয় চৌহদটো যথেষ্ট আহল বহল। বিদ্যালয়খনৰ একেবাৰে ওপৰ মহলাত নতুনকৈ প্ৰতিষ্ঠা কৰা প্ৰেক্ষাগৃহ। তাতেই সেইদিনাৰ সাধাৰণ সভাখন অনুষ্ঠিত হৈছিল। সাধাৰণ সভা ভংগ কৰাৰ সময়ত ঘোষণা কৰামতে পৰৱৰ্তী কাৰ্য-সূচী আছিল সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি মঞ্চ উদ্ধোধন। এই অনুষ্ঠানবোৰৰ আয়োজন ওপৰ মহলাত কৰা হোৱা নাছিল। বিদ্যালয়খনৰ গ্ৰাউণ্ড ফ্লৰত সংলগ্ন মুকলি চৌহদতহে আয়োজন কৰা হৈছিল। আমি ওপৰৰ পৰা নামি আহি দূপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ মোৰ পৰিচিত ব্যক্তি এগৰাকীৰ লগত অতিথি-আপ্যায়ন কক্ষলৈ আহিলো। একেলগে ২৫/৩০ গৰাকী লোকে কোনো অসুবিধা নোহোৱাকৈ আহাৰ গ্ৰহণ কৰিব পৰা সুন্দৰ ব্যৱস্থাপনা। আমি উক্ত অতিথি আপ্যায়ন কক্ষত প্ৰৱেশ কৰোতে কেইবা গৰাকীও মহিলা আহাৰ গ্ৰহণ কৰি আছিল। তেওঁলোকে আহাৰ গ্ৰহণ ততালিকে সামৰিয়েই বোধকৰোঁ মঞ্চত পৰিৱেশন কৰিব লগা অনুষ্ঠানবোৰ কাৰণে ধাৱমান হ’ব লগা হৈছিল। ফলত খোৱা পাতৰ-থাল আৰু আধা-খোৱা পানীৰ গিলাচ ঠাইতে পৰি থাকিল। দিন হাজিৰাত কাম কৰা কোনোবা মানুহ আহি এইবোৰ উঠাই নিব বুলি মই অলপ পৰ চাই আছিলো। তেনেতে সেইদিনাৰ সাধাৰণ সভাত নগদ ধনৰ টোপোলা দি বঁটা প্ৰদান কৰা মানুহজনে অতিথি আৰু মহিলা সকলে খোৱা টেবুলত এৰি থৈ যোৱা পাত-গিলাচ আৰু এৰেহা ভাতৰ অৱশিষ্টখিনি অতি কৌশলেৰে চপাই আনি বাহিৰত পেলোৱাৰ ব্যৱস্থা কৰিলে। এই সময়তে সৌজন্যতাৰ খাতিৰত মই তেখেতেক ক’লো – আপুনি অসুবিধা নাপালে, মইও সহযোগ কৰো। তেতিয়া মানুহজনে ক’লে, আমাৰ বিদ্যালয়ৰ বৃহত্তৰ স্বাৰ্থ জড়িত কাম; আমি নিজেই কৰি ভাল পাওঁ। মানুহজনৰ মুখত মোৰ মনত লগা গঠনমূলক কথা এষাৰ শুনিবলৈ পাই তেওঁৰ বিষয়ে জনাৰ অধিক কৌতূহল বাঢ়িল।
দূপৰীয়া আহাৰ গ্ৰহণৰ সময়ত একেলগে অহা মোৰ পৰিচিত মানুহজনে মোক ক’লে – ব’লা, অলপ সময় সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰোঁ। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সকলে উমৈহতীয়াভাৱে একেখন মঞ্চত পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান। অতিথি-আপ্যায়ন কক্ষত সেৱা আগবঢ়াই থকা মানুহজন আকৌ আমাৰ কাষচাপি আহিল। আমি একেলগে বহুত সময় সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলো।
সেইদিনা সভাৰ পৰা উভতি যোৱাৰ সময়। সভালৈ নিমন্ত্ৰণ কৰা বিশিষ্ট ব্যক্তি গৰাকীয়ে সভা স্থলীলৈ তেখেতৰ ব্যক্তিগত চাৰিচকীয়া বাহনতে একেলগে অহাৰ কথা কৈছিল। বিশেষ অসুবিধাবশত: মই একেলগে আহিব নোৱাৰিলো। মই সভা স্থলীৰ পৰা যাবৰ পৰতো বিশিষ্ট ব্যক্তি গৰাকীৰ সহধৰ্মিণীয়ে কলে, দাদা যোৱাৰ কাৰণে চিন্তা কৰিব নালাগে। আমাৰ গাড়ীখনতে যাব পাৰিব। মই অলপ দেৰিকৈ যাম। কণমানি দুটাক ঘৰত থবলৈ আমাৰ মানুহজন এইমাত্ৰ যাব ওলালেই। এই ভদ্ৰ-মহিলা গৰাকীয়েই হ’ল জাতীয় বিদ্যালয় যোৰহাটত প্ৰতিষ্ঠাৰ যোগেদি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গৰিমা বৃদ্ধিৰ বাবে নেপথ্যত থাকি সমাজ জীৱনকো অহৰহ গতি দিবলৈ প্ৰয়াস কৰা এগৰাকী অন্যতম আপোচবিহীন সংগ্ৰামী সত্তা।
একে সময়তে অতিথি-আপ্যায়ন কক্ষত নতুনকৈ চিনাকি হোৱা মানুহজনেও ক’লে, যোৱাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। মই বাইক আনিছো। এইবুলি কৈয়েই মানুহজনে ততালিকে মোৰ কাৰণেও হেলমেট এটা যোগাৰ কৰি দিলেই। কোনো চিন্তাৰ কাৰণ নাই, নিশ্চিন্তমনে উঠক; মই আপোনাক যথাস্থানত আগবঢ়াই থৈ আহিম। মইও চাৰিচকীয়া বাহনৰ আৰামদায়ক আহ্বানক বাই বাই দি দুচকীয় বাহনত হেলমেট পিন্ধি উঠিলো। মোৰ কথা হ’ল, নতুনকৈ চিনাকি হোৱা মানুহজনৰ লগত ভাৱ-বিনিময় কৰাৰ সুযোগ পাম। তদুপৰি তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়েও যৎকিঞ্চিত আভাস পাম।
মানুহজনক মই সুধিলো- আপোনাৰ শুভ নাম। মোৰ নাম আপোনাক সংক্ষেপে কওঁ আই.এছ. ৰহমান; আপোনাৰ মনত ৰাখিবলৈ সুবিধা হ’ব। মই আমাৰ এই অসমীয়া মাধ্যমৰ বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰ পৰাই জড়িত আছো। অসমীয়া মাধ্যমৰ এইখন জাতীয় বিদ্যালয়তে মোৰ ল'ৰা দুটাও পঢ়া। মাকেও অসমীয়া মাধ্যমৰ এইখন জাতীয় বিদ্যালয়ত আমাৰ ল’ৰা দুটাক পঢ়াবলৈ পাই আত্ম-সন্তোষ্টি প্ৰকাশ কৰিছিল। যোৰহাটবাসী ৰাইজ আৰু আপোনাসকলৰ আশীৰ্বাদ বুলিয়েই কব লাগিব, মোৰ দুগৰাকী সন্তানেই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। ডাঙৰটো ল'ৰাই বি.ই. ডিগ্ৰী লৈয়ে বেংকৰ চাকৰিত যোগদান কৰিছে। সৰু ল’ৰাটোও ওলাই আহিবৰ হ’ল। মাথো দুই-তিনি মাহমানহে আছেগৈ। আশীৰ্বাদ কৰিব সৰু ল'ৰাটোও যাতে ভালে-কুশলে ডিগ্ৰী লৈ ওলাই আহিব পাৰে আৰু ডাঙৰ ল'ৰাটোৰ দৰে ডিগ্ৰী লৈ ওলাই আহিয়েই যাতে কৰ্ম-সংস্থাপন লাভ কৰিব পাৰে। মাক জীয়াই থকা হ’লে আমি ল’ৰা দুটাৰ সফলতাৰ আনন্দ ভগাই লব পাৰিলোহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে,
যোৱা কোভিড অতিমাৰিৰ সময়ত মই একেলেথাৰিয়ে আমাৰ মা, ভাইটি আৰু মোৰ সহধৰ্মিনীক হেৰুৱালো। মোৰ সহধৰ্মিনী জটিল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ অনাহূত মৃত্যুক আকোঁৱালি ল’ব লগা হৈছিল। লগতে এই কথাও মোক জনালে যে আজিৰ এই স্মাৰক-বঁটাসমূহ আমাৰ বৈকুণ্ঠগামী মা, ভাইটি আৰু মোৰ সহধৰ্মিনীৰ নামত প্ৰদান কৰা হৈছে। আজীৱন এই বঁটাসমূহ প্ৰদান কৰি থাকিবলৈ মই প্ৰয়াস কৰিম। মই মেডিকেল ডিপাৰ্টমেন্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছো। মোৰ পেন্সনৰ সমুদায় ধন দুখীয়া ল’ৰা-ছোৱালীৰ কল্যাণৰ বাবেই ব্যয় কৰিম। মাকে ল’ৰা দুটাক সৰুতে কাষলৈ মাতি আনি কৈছিল এনেকৈ, তোমালোক দুয়ো পঢ়া-শুনা সামৰি চাকৰি কৰি স্ব-উপাৰ্জনক্ষম হ'লে মোক
পইচা দিব লাগিব। তেতিয়া ল’ৰা দুটাই প্ৰশ্ন কৰে – মা দেউতাই চাকৰি কৰেই দেখোন, তোমাক পইচা কেলেই লাগে? তেতিয়া মাকে প্ৰত্যুত্তৰত কয় – মোৰ নিজৰ কাৰণে পইচা নালাগে নহয় বাচাহঁত, দুখীয়া ল’ৰা-ছোৱালীৰ কল্যাণৰ বাবে কাম কৰিবৰ বাবেহে মোক পইচা লাগে। মাকৰ এই কথাষাৰে মোৰ অন্তৰাত্মাত আজিও অনবৰত ৰিঙিয়াই থাকে। সৰু ল'ৰাটোৱেও মাতৃ-হাৰা হোৱাৰ বেদনা আজিও পাহৰিব পৰা নাই। জটিল কেঞ্চাৰ ৰোগত কোনোবা আক্ৰান্ত ৰোগীৰ তাৎক্ষণিকভাৱে তেজ প্ৰয়োজন হোৱা বুলি গম পালেই হ’ল, সি হোষ্টেলৰ পৰা ওলাই গৈ তেজ দিবলৈ প্ৰস্তুত থাকে আৰু মাজে মাজে কেঞ্চাৰ ৰোগীক নাৰ্চিং হোম-হস্পিটেল আদিত গৈ সাধ্যানুসৰি নিচেই কম-পৰিমানে হ’লেও ফল-মূল বিতৰণ কৰি আহেগৈ।
বিয়োগান্তক নাটকৰ নিদাৰুণ সংলাপ যেন লগা এই কথাবোৰ পাতি আহি থাকোঁতে নগৰৰ যানজঁটৰ যন্ত্ৰণাবোৰ অস্তগামী সুৰুযৰ বুকুচাত উঠি মাথোঁ পলকতে মেলানি মাগিছিল।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment