দিনবোৰ সূৰ্যমুখীৰ দৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

দিনবোৰ সূৰ্যমুখীৰ দৰে

 


দিনবোৰ সূৰ্যমুখীৰ দৰে


                                             অনুভৱী মদন

                                                  যোৰহাট


সূৰ্যোদয়ৰ প্ৰহৰত 

ৰ’ লাগে সূৰ্যমুখী ফুলবোৰে

নিৰ্বাক দৃষ্টিৰে চাই 

ৰঙীন পোহৰত কিয়েইবা আহে খবৰ..

পাকিস্তান সীমান্তৰ খবৰেই বা কি? 

নতুন খবৰ আহিব পাৰে স্ফুলিং  হৈ 

যুদ্ধ জৰ্জৰ গাজা-ইউক্ৰেইন কিম্বা ৰাছিয়াৰ 

অসম সীমান্তত বাজিব পাৰে যুদ্ধৰ দামামা।

বতাহত ভাঁহি আহে বাৰুদৰ গোন্ধ

অশান্ত হৈ উঠিব সময় 

নিশান্ত বতাহ।

পোহৰে নিবিচাৰে তেজলগা মাটি

সূৰ্যমুখীৰ হাঁহিত নীৰৱতা 

নীৰৱতাই কৈ যায় মাটি মানুহৰ কথা।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages