গাওঁখনি
ভূমিকা দাস
গাওঁখন বিচাৰি যাওঁ ব’লা
গাওঁখন হেৰাল
গছবন তহিলং হ’ল
টিন পাতেৰে সজা
ইটাৰ দেৱালত কি কথা জানো আছে লিখা
মিঠা মাদকতাময় গোন্ধবোৰ,
বোকা পানী গচকিবলৈ ৰাস্তাবোৰো নোহোৱা হ’ল
প্ৰখৰ ৰ’দৰ তাপত আকুলতা, আত্মীয়তা, আবেগৰ চুম্বকীয় আবেদনবোৰ লেৰেলি গ’ল
গাওঁবোৰ ক’লৈ গ’ল
গাওঁবোৰো দেখোন চহৰ হ’ল
কি ভাবনাই গীতৰ সুৰ দিয়ে
গাওঁবোৰ চহৰৰ লেখিয়া হ’লে
আকুলতাবোৰে নিৰৱে চকুলো টোকে…
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment