মোৰ জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

মোৰ জীৱন

 


মোৰ জীৱন


                           আব্দুৰ ৰহমান প্ৰামাণিক

                          কুর্শাকাটি, কোকৰাঝাৰ


মোৰ জীৱনটো অপূৰ্ণতাৰ গল্প 

য’ত শ্ৰী গণেশ হয় অপ্ৰিমিত যন্ত্ৰণাৰ,

দুখৰ দিনপতিৰ প্ৰকাশ হয় অনবৰত 

লোতকক কালি কৰি জীৱনে নিজৰ স্বৰূপ 

চিত্ৰায়িত কৰে নিৰ্ভেজাল বাস্তৱ ভংগীত 

কেতিয়াবা জীয়াই থকাৰ নতুবা মুক্তি লাভৰ,

জীৱন মৰণৰ দোমোজাত 

ওলমি আছে আমাৰ জীবন।


মোৰ জীৱনটোৱে আকাংক্ষাৰ সপোনত বিভোৰ 

বেদনাৰ সাঁকোৰে হেঁপাহৰ মায়া জাল বুইছে 

সফলতাৰ চাবিপাত কাহানিবাই সংগ এৰিছে,

বিষণ্ণতাৰ ধুমুহাই কিন্তু লগ দিছে নিতৌ 

জীৱনৰ মূল গল্প পাহৰি অনৰ্থক বাটৰ বাটৰুৱা হৈ 

জীৱনে উভতিব লগীয়া মূল ধন হেৰাইছে

বিচাৰি পাব নে?

পালেই উভতি যাম পূৰ্ণতাৰ গল্পলৈ।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages