সময়ৰ গতি
লাৱণ্য নাথ
দেউৰীপাৰা, বঙাইগাঁও
তৰাবোৰ যে গণিছিলোঁ আকাশলৈ চাই চাই
জোানাকৰ সন্ধিয়াত কথা পাতিছিলোঁ
আধা মৰা জোনৰ স’তে;
দুখ-বেজাৰ নাছিল মনত দেহৰ
সপোনৰ নাওখনত গতি আছিল সৰল
এটি যেন মিঠা সপোন
যেন এজাক সপোনৰ সেউজ বৰষুণ...
প্ৰতিটো পূৱাৰ আশা আছিল ৰঙীন।
সময়ে ধুই নিয়া ৰঙবোৰৰ বাবেই হয়তো
পূৱাবোৰ ধূসৰ
আশাবোৰ আতুৰ
দৃষ্টিৰ চতুৰতা অতি নিঃকিন।
স্বপ্ন হেৰাই যোৱা
জীৱনৰ উত্তাপৰ সতে চাব খোজোঁ ৰং
তোমাৰ হাতত হাত ধৰি
সময়ৰ গতি....
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment