ব’হাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

ব’হাগ



 ব’হাগ


               ৰিজু মণি বৰা

                        নগাঁও


লঠঙা অৰণ্যখনৰ পৰা

লাহে লাহে ওলাব ধৰিছে

এটা সেউজীয়া বেলি

ৰ’দৰ ছাঁত কুলিজনী জিৰাইছেহি

বিচাৰি প্ৰেমৰ বা

কলংপৰীয়া ডেকাৰ হাতত

এতিয়া ঢোলৰ চাপ,

ৰাতি এপৰলৈ নাচনীয়ে  হাতত বুলাইছে

জেতুকাৰে ৰঙা নিচান

চ'ততে বৰপেৰাত থুপাই থোৱা কথাবোৰ

প্ৰিয়জনক ক’বলৈ 

ৰিহাৰ ভাঁজত

গোলাপ এপাহ ৰুইছে

এৰি অহা ধনশিৰি বুকুত লিখি থোৱা কাহিনী

এতিয়া মহাবাহুৰ বালিত 

খোজৰ ভৰত জাহ যাব ধৰিছে,

ব’হাগ নাচনিৰ মৰমৰ সাঁচতি

ব’হাগ মন গহনত পাৰি থোৱা এখন

সেউজীয়া দলিচা

ব’হাগ ঢুলীয়াৰ কাইঁটীয়া জীৱনৰ 

ফুলি থকা এপাহি কেতেকী

ডেকা-গাভৰুৰ দুচকুত উদ্ভাসিত

তগৰফুলীয়া এটি অম্লান হাঁহি।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages