চলি আছোঁ কোনোমতে
প্ৰজ্ঞাপাৰমিতা বৰুৱা
ভোক আৰু ভাগৰৰ গদ্যবোৰকে চোবাই চোবাই
চলি আছোঁ কোনোমতে।
কেতিয়াবা নিজক সামৰিছোঁ, কেতিয়াবা এৰি দিছোঁ
কেতিয়াবা এচপৰা শূন্য হৈ উপঙি ফুৰিছোঁ
কেতিয়াবা হৈ পৰোঁ গভীৰ চিন্তানায়ক।
কেতিয়াবা বন্দী
কেতিয়াবা মুক্তি
বাৰে বাৰে খুলিছোঁ-পিন্ধিছোঁ,
পিন্ধিছোঁ-খুলিছোঁ সময়ে সীঁ দিয়া এন্ধাৰৰ কবচ।
মাজ-নিশা ভাঙি যোৱা টোপনিটোকে
নিচুকাই নিচুকাই সপোন দেখোঁ; শেষ ৰাতি
নফলিয়াই...
এনেকৈয়ে চলি আছোঁ কোনোমতে।
দুনিয়াই টোঁৱাই থকা
আঙুলি আৰু জিভাৰ খুঁৰবোৰত নিজকে চাঁচিছোঁ,
মসৃণ কৰিছোঁ।
কাঠ আৰু কাঁচ হ’ব নিদিয়াকৈ
মই মোক পানীৰে গঢ়িছোঁ
মই মোক শিলেৰে গঢ়িছোঁ
এনেকৈয়ে চলি আছোঁ কোনোমতে।
সকলো যুদ্ধৰ কথা পাহৰি কেতিয়াবা অৰণ্যৰ কথা ভাবিছোঁ,
ভোকৰ কথা পাহৰি কেতিয়াবা দেশৰ কথা ভাবিছোঁ,
সকলো ৰমন্যাস সামৰি কেতিয়াবা প্ৰতিবাদৰ কথা লিখিছোঁ,
ঘৃণাৰ কথা পাহৰি প্ৰেমৰ কথা ভাবিছোঁ
এই নিৰন্তৰ জাগতিক পৰিক্ৰমাত
খেৰ-কূটা খামুচি চলি আছোঁ,
কোনোমতে চলি আছোঁ একো আক্ষেপ নোহোৱাকৈ।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment